বাসুদেৱ থান লক্ষীমপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান ৷ ঢকুৱাখনা চাৰিআলিৰ পৰা ১০ কি:মি: গ’লে এই জাগ্ৰত থান খন পোৱা যায় ৷
ভাগৱতত ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত কলিত বটদ্ৰৱা গ্ৰামত শংকৰ ৰূপে আবিৰ্ভাৱ হোৱাৰ উল্লেখ পোৱা যায় ৷
শংকৰ ৰূপে আছে শ্ৰী কৃষ্ণ
হৰ ধৰিছে মাধৱ
পদ্দুণ্য পুৰুষোত্তম
অনিৰূদ্ধ চৰ্তুভূজ
সচাকৈয়ে চাৰিজন ৰূপেৰে অবতাৰ হৈ চাৰি ভাগে ভকত বৈষ্ণৱ সবক জ্ঞান গুণ দি আমাৰ অসম পবিত্ৰ কৰি থৈ গ’ল। কথিত আছে যে
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে দৌলহাত বেলগুৰি সত্ৰৰ পৰা উজাই যাওঁতে স্বৰ্ণসিধ নাও বান্ধি ভকত শিষ্য সকলক খোৱাৰ যোগাৰ কৰিবলৈ কলে ৷ভকত সকলেও যোগাৰ নিমিত্তে ৰৌমাৰি পুখুৰিৰ পৰা পানী আনিবলৈ গৈ এক অদ্ভুত দৃশ্য প্ৰত্যক্ষ কৰাত গুৰুজনাক কলেহি যে ভেটপাত এটাৰ ওপৰত এজনী বেংয়ে উঠি এটা কাল সৰ্প গ্ৰাস কৰি আছে কিন্ত সৰ্পটোৱে ছত্ৰ ধৰি ফেনা ধৰি আছিল ৷ সাপেহে বেং খাই এতিয়া দেখোন বেংয়েহে সাপ খাইছে ভকতে ভয় খাই গুৰুদেবক বাৰ্তাটো দিলেগৈ তাকো কাল সৰ্প ৷সবিশেষ গুৰু বাপ ঈশ্বৰে জানি ক’লে অ এইখন এখন আগলৈ পবিএ ভূমি হ’ব ৷আমি এগছি বন্তি জ্বলাই থৈ যোৱাটো ভাল হ’ব ৷গুৰু জনাই আহি ঔটেঙা গছৰ পৰা ঔটেঙা কাটি এগছি বন্তি জ্বলাই ঔটেঙা জোপাত এটা বাক্য ক’লে বোলে তুমি আজিৰ পৰা এশ বকণিয়া হব লাগিব ৷সেই ঔটেঙা জোপা কালক্ৰমত অন্তধান হ’ল যদিও প্ৰয়াত মহাপুৰুষীয়া গোসাই শ্ৰী দুৰ্লভ চন্দ্ৰ দেৱ গোস্বামী দেৱে তেখেতৰ বাল্য অৱস্থাত নব্বৈটা লৈকে ঔটেঙাৰ বাকণি গুচুৱা মনত আছে বুলি কৈ থৈ যায় ৷গুৰুজনা ইয়ালৈ অহাৰ উদাহৰণ দুভাগে আছে যেনেকৈ উজনি অসমত এশ বকণি যুক্ত ঔটেঙা আছে তেনেকৈ নামনিত যত গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণ হ’ল মধুপুৰ ছত্ৰশাল ,বাংলাদেশ সীমান্তত এশ বাকণিৰ ঔটেঙা গছ গোস্বামী দেৱে স্ব-চকুৰে প্ৰতেক্ষ কৰি গৈছে বুলি উল্লেখ কৰে ৷ গুৰু জনা য’ত য’ত গৈছিল তাতে এশ বাকণি যুক্ত ঔটেঙা সৃষ্টি কৰি থৈ গৈছে ৷উজনিত ঢকুৱাখনা আৰু নামনিৰ বিভিন্ন অঞ্চলত ৷তেতিয়াৰ যি বন্তি প্ৰজ্বলনৰ ইতিহাস প্ৰথা এইদৰে এতিয়ালৈকে ভক্তি ভাবে চলি আছে ৷
ইয়াৰ আগলৈ যাবলৈ হ’লে ঠাকুৰ চৰিত পুথিত অন্য এক কাহিনীৰ উল্লেখ আছে যে দ্বাপৰ যুগত যেতিয়া দ্বাৰকাৰ পৰা অহা ব্ৰাহ্মণে ৰুক্মিণী আইক কৃষ্ণৰ বৰ্ণনা দি আছিল তেতিয়া ৰুক্মিণীয়ে কৃষ্ণক স্বামী ৰূপে পাবলৈ আকুলিত হৈ পৰি বিশ্বকৰ্মাৰ দ্বাৰা এভাগ কৌশতী শীলাৰ বিষ্ণুৰ মূৰ্ত্তি সাজি দিনে নিশাই পূজা কৰিবলৈ ধৰিলে যাৰ ফলত জগত পতি ভগৱন্তই দ্বাৰকাৰ পৰা আহি ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল ৷ৰুক্মিণী অসমৰ জীয়ৰী ভীষ্মক ৰজাৰ কন্যা যেতিয়া হৰণ কৰি লৈ গ’ল আৰু বহু শতাব্দী সেই মূৰ্তি ভাগ কুন্দিলতে লুপ্ত হৈ থাকিল ৷কালক্ৰমত আহোমৰ ৬০০ বছৰীয়া শাসনত ৰজা জয়ধ্বজ সিংহক বাসুদেৱে সপোনত দেখুৱালে যে –
মই অন্ধক চকু দিও
অপুএক পুত্ৰ দিও
নিধনীক ধন
দুৰাৰোগ্যক দুৰ কৰো
তুমি মোক পূজা সেৱা দিয়াৰ দিহা কৰি দিয়া তোমাৰ ৰাজ্যত কুশল হব ৷ তেতিয়া ৰজাই সাৰ পাই স্নান কৰি ৰাজপৰিষদ গোটাই ঢোলে মৃদংগৰে ,গায়নে বায়নে কুন্দিলৰ পৰা সেই মূৰ্ত্তি ভাগ গোটাই আনি স্বৰ্ণশীৰ নদীৰ পাৰত যত বাসুদেৱৰ থান আছিল ১৬৫৬ শকত চাৰিও গঢ় মাৰি ২০০ বিঘা মাটি দান কৰি মূৰ্ত্তি ভাগ স্হাপন কৰিলে ৷ সেই জয়ধ্বজ সিংহই ১৬৫৬ শকতে স্হাপন কৰা দিনৰে পৰা আজিলৈকে পূজা সেৱা চলি আহিছে ভক্তি ভাবে ৷আৰু১৬৫৬ শকতে গুৰুজনাৰ নাতি দামোদৰ দেৱৰ ৰূপ গুণত মুগ্ধ হৈ আহোমৰ ৰজা জয়ধ্বজ সিংহই বাসুদেৱৰ মূৰ্ত্তি ভাগ চমজাই দি নতুনকৈ এভাগ সত্ৰ পাতিলে এই সএৰ নামেই হ’ল শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ৷সেই কাৰণে অসমত প্ৰবাদ আছে ভকত সবে গাই ——–
উজাইয়ে নৰোৱা
ভাটিত বৰদোৱা
মাজত মাধৱ দেৱৰ থান
এই উজাই নৰোৱাই বাসুদেৱ থান গুৰুজনাৰ এখন আদৰ্শ পবিত্ৰ তীৰ্থ স্হান ৷ইয়ালৈ সমষ্ট জাতি গোষ্ঠীৰ লোক আহে ৷ইয়াত হিন্দু আহে ,মুছলমান আহে ,খ্ৰীষ্টান আহে,জৈন আহে,বৌদ্ধ আহে,
শীখ আহে সকলো ধৰ্মৰ লোকে বাসুদেৱৰ আৰ্শীবাদ লবলৈ আহে ৷ বাসুদেৱলৈ আহিলে মনোকামনা পূৰ্ণ হয় বুলি কথিত আছে ৷ এই বিশ্বাসৰ বাবেই হয়তু সদায় ভক্তৰ সমাগম বিৰদি বাট নোপোৱা অৱস্থা হৈ থাকে ৷
দামোদৰ আতাৰ পৰা তেওঁৰ পুত্ৰ ৰামাকান্ত ,তেওৰ পুত্ৰ ৰামদেৱ ,ৰামচন্দ্ৰ দেৱ আতা ,ভদ্ৰদেৱ ,লক্ষ্মীদেৱ ,বামদেৱ ,অচ্যুতচন্দ্ৰ গোস্বামী ,কুশচন্দ্ৰ দেৱ গোস্বামী
,দুৰ্লভচন্দ্ৰ দেৱ গোস্বামী তেখেতৰ পুত্ৰ অতুল চন্দ্ৰ গোস্বামীলৈকে ১১ পুৰুষ এতিয়ালৈকে চলি আছে ৷ মাজৰ সময় ছোৱাত মানৰ তৃতীয় আক্ৰমণৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁলোকে বৰদোৱাত বসবাস কৰিছিল যদিও তিনিটা মান পুৰুষ পাৰ হোৱাৰ পাছত অচ্যুতচন্দ্ৰ দেৱ গোস্বামীয়ে বৰদোৱাৰ পৰা তেওঁৰ লগত অহা কিছু ভকতৰ লগত লগ লাগি অটব্য অৰণ্য কাটি মানে পেলাই থৈ যোৱা বাসুদেৱৰ মূত্তি ভাগ ধনখন্দা পুখুৰিৰ পৰা উদ্ধাৰ কৰি সত্ৰ ভাগ স্হাপন কৰে বুলি কথিত আছে ৷
এই বাসুদেৱলৈ আহিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোক বিশ্বাস আছে ৷বহু দিন সন্তান হীন হৈ থকা সকলে বাসুদেৱৰ আৰ্শীবাদত সন্তান প্ৰাপ্তি হৈছে৷ ৷বহুতো মুছলমানৰ ঘৰত বাসুদেৱৰ সন্তান আছে বুলি প্ৰয়াত দুৰ্লভচন্দ্ৰ দেৱ গোস্বামী দেৱৰ লিখনিত পোৱা যায় ৷
এই বিশ্বাসৰ কাৰণে প্ৰত্যেক দিনাই ইয়ালৈ দৌল উৎসৱৰ দৰে ভকতৰ সমাগম হয় ৷
এই পবিত্ৰ বাসুদেৱত ৰাস , দৌলযাত্ৰা , মাঘ মাহৰ পূৰ্ণিমাৰ পাল নাম অতি বৃহৎ ভাবে অনুস্হিত হয় ৷ পবিত্ৰ ভাদ মাহটোত চৈধ্য প্ৰসংগ চলি থাকে ৷ইয়াৰোপৰি বাৰ মাহেই নাম প্ৰসংগ চলি থাকে ৷তাৰোপৰি আতা সকলৰ পুণ্য তিথি ধুমধামেৰে পালন কৰা হয় ৷ইয়াত শ্ৰৱণ কীৰ্তন , বিষ্ণু পূজাৰ বাহিৰে অন্য দেব দেৱীৰ পূজা নহয় ৷
ইয়াত চাৰিও ফালে চাৰিও গঢ় থকাৰ উপৰি ৰজাই খন্দা পুখুৰী সাতটা আছে – ধনে খন্দা পুখুৰী ,বৰপুখুৰী,বাঘেপোতা পুখুৰী , বাচন ধোঁৱা পুখুৰী ,দীঘল পুখুৰী, বাওঁহতীয়া পুখুৰী , আই গোসানী পুখুৰী ৷ইয়াত বিভিন্ন প্ৰজাতিৰ হাঁহ ,চৰাই ,মাছ বিভিন্ন প্ৰজাতিৰ ভাটৌ বিভিন্ন প্ৰজাতিৰকাছ ,বিভিন্ন প্ৰজাতিৰ সাপ , বাঘ ,হৰিণ বনৰীয়া ম’হ আদিৰ বিচৰণ কৰিছিল যদিও ভকতক আক্ৰমণ কৰা নাছিল ৷ কালক্ৰমত দুষ্ট লোকৰ আক্ৰমণত এই প্ৰাণী বোৰ নাইকিয়া হ’ল যদিও কিছু চৰাই এতিয়াও দেখা পোৱা যায় ৷ বনৰীয়া হাতীয়ে কল থোক দি বাসুদেৱত সেৱা জনাইছিল বুলি কথিত আছে ৷🙏