ক’ভিডৰ পৰিস্থিতি কিছু শাম কটাৰ লগে লগেই উন্মোচিত হৈছে এক মাৰাত্মক তথ্য।সমগ্ৰ ৰাজ্য জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই তথ্য মতে উজনি অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা।
ইতিমধ্যে ১৩ টি কৈ শিশুৰ দেহত এই মাৰাত্মক এইচ আই ভি পজিটিভ ধৰা পৰাৰ লগতে ১৮ গৰাকী লোকৰ মৃত্যু হোৱা খবৰে এতিয়া আতংকিত কৰি তুলিছে ৰাজ্যবাসীক।
তথ্য অনুসৰি বিগত দুটা বছৰত অসম চিকিৎসা মহাবিদ্যালয়ত চিনাক্ত হৈছে সৰ্বাধিক ৩২৩ গৰাকী এইচ আই ভি পজিটিভ ৰোগী।ইয়াৰে চিকিৎসাধীন হৈ থকা অৱস্থাত ১৮ গৰাকী ৰোগীৰ মৃত্যু হৈছে।আৰু উজনি অসমৰ গোলাঘাট জিলাত এই ৰোগীৰ সংখ্যা হৈছে সৰ্বাধিক।
একেদৰে ডিব্ৰুগড়,তিনিচুকীয়া,চৰাইদেউ,শিৱসাগৰ,ধেমাজি,লখিমপুৰ জিলাতো বহু লোক এইচ আই ভি ত আক্ৰান্ত হৈছে।উল্লেখ্য যোগ্য যে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত নিয়মীয়াকৈ চিকিৎসা গ্ৰহণ কৰি থকা লোকৰ সংখ্যা হৈছে ২২৯ গৰাকী।
বিশেষকৈ যুৱ চামৰ মাজত এই মাৰাত্মক এইচ আই ভি পজিটিভৰ সংখ্যা সৰ্বাধিক পোৱা গৈছে। বৰ্তমান চিকিৎসা গ্ৰহণ কৰি থকা ২২৯ গৰাকী ৰোগীৰ ভিতৰত আটাইকেইগৰাকী বয়স ২৫ বছৰ উৰ্ধৰ। প্ৰধানকৈ ড্ৰাগছ সেৱন কৰোতে একেটা চিৰিঞ্জ ব্যৱহাৰ কৰা আৰু অসুৰক্ষিত শাৰীৰিক সম্পৰ্কৰ বাবেই উজনিত এই ৰোগৰ সংখ্যা অধিক বৃদ্ধি পোৱা বুলিও তথ্যত প্ৰকাশ পাইছে।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই সংবাদ মাধ্যমৰ আগত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰি কয় যে এই ৰোগত শিশুৰ পৰা প্ৰাপ্তবয়স্ক লোকো আক্ৰান্ত হৈছে।বিশেষকৈ ২০১৯-২০ বৰ্ষত ১৮০ গৰাকী এইচ আই ভি ৰোগীৰ নাম পঞ্জীয়ন কৰা হৈছিল আৰু ইয়াৰে ১০৬ গৰাকী পুৰুষ, ৬৩ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ লোক আছিল।
একেদৰে ১০ টাকৈ শিশুও এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা ধৰা পৰিছিল।২০২০-২১ ত ১৪৩ গৰাকী নাম পঞ্জীয়ন হোৱাৰ লগতে ৮৬ গৰাকী পুৰুষ,৫৪ গৰাকী মহিলা আৰু ৩ টিকৈ শিশুও আছিল।
মুঠ ৩২৩ গৰাকীৰ ভিতৰত ৩৮ গৰাকীৰ মৃত্যু হৈছে আৰু ২২৯ গৰাকীয়ে নিয়মীয়াকৈ ঔষধ সেৱন কৰি আছে।যদিও ৭ গৰাকীয়ে ঔষধ গ্ৰহণ কৰা নাই আৰু ১৮ গৰাকী অন্য স্থানলৈ আঁতৰি গৈছে।উল্লেখ যোগ্য যে ইয়াৰে ২৩ গৰাকীয়ে কোনো চিকিৎসা গ্ৰহণ নকৰাৰ লগতে বাকী ৮ জনৰ বৰ্তমানে কোনো তথ্য লাভ কৰা হোৱা নাই।
বিশেষকৈ নাগালেণ্ড,অৰুণাচলত ড্ৰাইভাৰ হিচাপে কৰ্মৰত লোক অধিক আক্ৰান্ত হৈছে এই ৰোগত।পুৰুষ সকল আক্ৰান্ত হোৱাৰ পিছত পত্নী আৰু সন্তান সকললৈও এই ৰোগ বিয়পি গৈছে বুলি উল্লেখ কৰে ডাঃ দিহিঙীয়াই।