মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা মহম্মদ ফাৰুক শ্বাহ ওৰফে মিৰৱাইজ মৌলবি মহম্মদ ফাৰুকৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত দুই হিজবুল মুজাহিদীনৰ উগ্ৰপন্থীক! এই হত্যাকাণ্ডৰ ৩৩ বছৰৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ৷
১৯৯০ চনৰ ২১ মে’ত শ্ৰীনগৰৰ নগিন অঞ্চলৰ নিজৰ ঘৰত জাভেদ বাট ওৰফে আজমত খান আৰু জাহুৰ বাট ওৰফে বিলাল নামৰ ২ জন উগ্ৰপন্থীয়ে ফাৰুকক গুলীয়াই হত্যা কৰে। মঙলবাৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ ডি জি আৰ আৰ শ্বোৱাইয়ে কয়, “ফাৰুক হত্যাৰ অভিযোগত অভিযুক্ত আব্দুল্লা বাংৰু আৰু আব্দুল ৰেহমান শ্বিগান নামৰ দুজন হিজবুল উগ্ৰপন্থী ইতিমধ্যে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে।” ইয়াৰ পূৰ্বে আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১০ চনত জম্মু-কাশ্মীৰ টাডা আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজিয়ে দাবী কৰে যে বিলালে ফাৰুকৰ ঘৰত প্ৰৱেশ কৰি প্ৰথমে গুলীচালনা কৰে। তেওঁ কয়, “আমি ৩ দশকৰো অধিক সময় সেই ২ জন লোকক বিচাৰি আছিলো।” ধৃত অভিযুক্তক তদন্তকাৰী সংস্থা চি বি আইৰ হাতত গতাই দিয়া হৈছে।প্ৰসংগক্ৰমে ফাৰুকক হত্যা কৰা বিচ্ছিন্নতাবাদী সংগঠন ‘অল জম্মু-কাশ্মীৰ আৱামী একচন কমিটী’ৰ নেতাৰ পুত্ৰ মিৰৱাইজ ওমৰ ফাৰুক বৰ্তমান হুৰিয়ত সন্মিলনৰ মধ্যপন্থী ফৈদৰ নেতা।