পুনৰ আন এক ঐতিহাসিক মুহুর্ত্তৰ সাক্ষী হ’ব অসমবাসী ৷ মুকলি কৰা হ’ব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পর্যায়ৰ কাম ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই প্ৰকল্প ৷
অহা ১৪ মার্চত ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰিব তেওঁ ।, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল।
তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মান কৰা হৈছে। অহা দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল’ব।
আজি বটদ্ৰৱা প্ৰকল্পস্থলী নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিদৰ্শন কৰে। উল্লেখ্য যে, ২০১৬ চনত বিজেপি চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল।