গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুৰোধত মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দুমাহৰ অন্তত অৱৰোধ প্ৰত্যাহাৰ কৰিলে কুকি সংগঠনসমূহে । যোৱা মে’ মাহত মণিপুৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পিছৰে পৰা ২ নং ৰাষ্ট্ৰীয় ঘাইপথ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা হৈছিল। শেহতীয়াকৈ কুকিসকলে শ্বাহৰ কথা শুনি এই অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লয়।
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধত কুকিৰ দুটা সংগঠন ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউ পি এফ) আৰু কুকি নেচনেল অৰ্গেনাইজেশ্যনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শেহতীয়াকৈ এই দুয়োটা সংগঠনে এক যৌথ বিবৃতি প্ৰকাশ কৰিছে। তাত তেওঁলোকে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ শীঘ্ৰে উঠাই লোৱা হৈছে। ৰাজ্যৰ শান্তিৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
মণিপুৰ ৰাজ্যৰ মুঠ দুটা ৰাষ্ট্ৰীয় ঘাইপথ। এটা হৈছে ইম্ফল-ডিমাপুৰ আৰু আনটো হৈছে ইম্ফল-জিৰিবাম (ৰাষ্ট্ৰীয় ঘাইপথ ৩৭)। কাংপকপি জিলাৰ সমীপৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মে’ মাহৰ পৰা অৱৰোধ কৰি ৰখা হৈছে। অৱশেষত এই অৱৰোধ উঠাই লোৱা হ’ল। মণিপুৰৰ পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হ’ব বুলি ধাৰণা কৰা হৈছে।
দাবী কৰা হৈছে যে যোৱা দুমাহত মণিপুৰত সাম্প্ৰদায়িক সংঘৰ্ষত এশৰো অধিক লোক নিহত হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰঞ্জন সিঙৰ ঘৰত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। মণিপুৰ চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কাংপোকপি বিধায়িকা নেমচা কিগপেনৰ ঘৰ ক্ষুব্ধ ৰাইজে জ্বলাই দিলে। ৰাজ্যৰ জনস্বাস্থ্য, কাৰিকৰী আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী এল সুচিন্দ্ৰ মেইটেইৰ ঘৰৰ কাষতে থকা এটা গুদামত জুই লগাই দিয়া হয়। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী উত্থাপন কৰিছে বিৰোধীয়ে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। পিছত তেওঁ সেই সিদ্ধান্তৰ প্ৰত্যাহাৰ কৰে ৷