বেছিভাগ মানুহৰে প্ৰিয় ধাতু সোণ যি অতি মূল্যবান ৷ সোণ এনে এবিধ ধাতু যি ধাতু পিন্ধিলে শৰীৰৰ বহু উপকাৰ হয় বুলি আমি সকলোৱে জানো।কিন্তু আমি বহুতেই নাজানো যে এই সোণৰ আঙঠি পিন্ধিলে আমাৰ কেনেকৈ আৰু কি উপকাৰ হ’ব পাৰে ৷
সোণক সূৰ্য্যৰ ধাতু বুলি গণ্য কৰা হয় আৰু যি ধাতুৱে মানৱ শৰীৰক শক্তি প্ৰদান কৰে, একেদৰে ইয়াৰ পৰা নিৰ্গত শক্তিয়ে শৰীৰৰ লগতে মগজুকো ফলপ্ৰসূ কৰি তোলাত সহায় কৰে।
সোণৰ আঙঠিকে ধৰি সোণৰ আন কিছুমান অলংকাৰৰো জ্যোতিষত বিশেষ গুৰুত্ব আছে।
বিশ্বাস কৰা হয় যে যিকোনো সোণৰ বস্তুৱে মানুহৰ জীৱন, স্বাস্থ্য আৰু মংগলৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। মূলতঃ সোণৰ আঙঠি পিন্ধিলে সূৰ্য্যৰ শক্তি প্ৰবাহিত হয় আৰু পিন্ধাজনৰ জীৱনত বহুতো উপকাৰ পোৱা যায়।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি শৰীৰত সূৰ্য্যৰ শক্তিৰ প্ৰবাহত সহায় কৰে সোণৰ আঙঠিয়ে –
সোণ হৈছে এনে এক ধাতু যি সদায় ধন-সম্পত্তি আৰু ঐশ্বৰ্য্য-বিভূতিৰ লগত জড়িত হৈ আহিছে। জ্যোতিষশাস্ত্ৰত সোণৰ আঙঠি পিন্ধিলে যিকোনো ব্যক্তিয়ে আৰ্থিক সমৃদ্ধি আৰু সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। যদি কোনো এজন লোকে সোণৰ আঙঠি পিন্ধে তেন্তে ই তেওঁৰ জীৱনত নতুন সুযোগৰ লগতে আৰ্থিক বিকাশতো সহায় কৰে।
কোৱা হয় যে টোপনিয়ে মানসিক স্বাস্থ্য অটূট ৰাখে। সোণৰ আঙঠি পিন্ধিলে যিকোনো ঠাইতে মনোনিৱেশ কৰাত সহায়ক হয় আৰু জীৱনত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে এই সোণৰ আঙঠিয়ে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি শৰীৰৰ যিকোনো অংশত সোণ পিন্ধিলে সোণে আৱেগিক ভাৰসাম্য ৰক্ষা কৰাৰ শক্তি প্ৰদান কৰে আৰু মানসিক চাপ হ্ৰাস কৰে। সোণৰ আঙঠি পিন্ধিলে আৱেগিক স্থিৰতা আৰু আভ্যন্তৰীণ শান্তিৰ অনুভূতি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ দ্বাৰা মানুহৰ মানসিক আৱেগ নিয়ন্ত্ৰণ হয় আৰু যিকোনো সমস্যাৰ পৰা ওলাই আহিবলৈ সহায় কৰে।
সোণক বৃহস্পতি গ্ৰহৰ ধাতু বুলি গণ্য কৰা হয় আৰু যদি কোনো এজন লোকৰ ৰাশিফলত বৃহস্পতি দুৰ্বল হয় তেন্তে তেওঁ কেতিয়াও সফলতা নাপায়। এনে পৰিস্থিতিত আঙুলিত সোণৰ আঙঠি পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়, যিয়ে এজন লোকৰ বৃহস্পতিৰ লগতে আন গ্ৰহবোৰকো শক্তিশালী কৰাত সহায় কৰে।