শুকুৰবাৰে কোচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা নৌসেনাৰ নতুন পতাকা ৷ ইয়াৰ লগে লগে স্বাধীনতাৰ পিছত ভাৰতীয় সেনাই গ্ৰহণ কৰা পতাকা আৰু ৰেংকক লৈ পুনৰ চর্চা লাভ কৰিছে ৷ ভাৰতৰ ৰাষ্ট্ৰীয় আৰ্কাইভৰ তথ্য অনুসৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত গণৰাজ্য হোৱাৰ সময়ত ভাৰতৰ প্ৰাক্তন ভাইচৰয় আৰু গৱৰ্ণৰ জেনেৰেল লৰ্ড লুই মাউণ্টবেটেনে নতুন পতাকা আৰু ৰেংক- বেজৰ পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল।
ব্ৰিটিছ যুগৰ পতাকা আৰু ৰেংক কেতিয়াৰ পৰা সলনি হ’ল ভাৰতত?
ভাৰত গণৰাজ্যত পৰিণত হোৱাৰ পাছৰে পৰা ব্ৰিটিছ যুগৰ পতাকা আৰু ৰেংকসমূহ সালসলনি কৰা হয় ৷ ইয়াৰ আগলৈ সামৰিক বাহিনীৰ ৰেংকৰ পতাকা আৰু বেজবোৰ ব্ৰিটিছ আৰ্হিৰ আছিল ৷সেনা, নৌসেনা আৰু বায়ুসেনাৰ নতুন ভাৰতীয় আর্হিৰ পতাকাৰ লগতে সেনাৰ ৰেজিমেণ্টেল পতাকা আৰু তিনিওটা সেৱাৰ ৰেংকৰ বেজ ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰা হয়।ভাৰতীয় সামৰিক বিষয়াসকলক প্ৰদান কৰা ‘কিংছ কমিছন’ও একে তাৰিখতে সলনি কৰি ‘ইণ্ডিয়ান কমিছন’ কৰা হৈছিল
লৰ্ড মাউণ্টবেটেন কেতিয়া ছবিখনত আহিছিল?
ৰাষ্ট্ৰীয় আৰ্কাইভত ১৯৪৯ চনৰ ফাইলত লিপিৱদ্ধ কৰা অনুসৰি সশস্ত্ৰ বাহিনীৰ নাম, পতাকা আৰু পদবী সম্পৰ্কে লৰ্ড মাউণ্টবেটেনৰ পৰা বিতং টোকা, আৰু মাউণ্টবেটেনৰ পৰামৰ্শ সন্দৰ্ভত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তদনান্তীন প্ৰতিৰক্ষা মন্ত্ৰী বলদেৱ সিঙলৈ লিখা পত্ৰও আছে। আৰ্কাইভত উল্লেখ কৰা তথ্য অনুসৰি লণ্ডনত হোৱা সাক্ষাতৰ সময়ত লৰ্ড মাউণ্টবেটেনে নেহৰুক এই টোকাটো দিছিল। ১৯৪৯ চনৰ ২৪ মে’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তদানীন্তন গৱৰ্ণৰ জেনেৰেল চি ৰাজগোপালাচাৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই টোকাত ভাৰত গণৰাজ্য হোৱাৰ পিছত ‘ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নাম আৰু চিহ্ন’ৰ বিষয়ে উল্লেখ কৰা হৈছিল।
লৰ্ড মাউণ্টবেটেনে টোকাটোত কি কৈছিল?
ছয় পৃষ্ঠাৰ টোকাখন (১ মে’, ১৯৪৯ তাৰিখৰ) ‘এম অৱ বি’ (বাৰ্মাৰ মাউণ্টবেটেন, আৰম্ভণিতে কোৱা হৈছে যে গণৰাজ্য হোৱাৰ ফলত ভাৰতৰ সেনা, নৌসেনা আৰু বায়ুসেনাৰ পৰা ‘ৰয়েল’ শব্দটো বাদ দিয়া হ’ব। তেওঁ আৰু পত্ৰখনত পৰামৰ্শ দিছিল যে চিহ্নসমূহৰ পৰা মুকুট সলনি কৰি তাৰ ঠাইত “অশোকৰ তিনিটা সিংহ” স্থাপন কৰিব লাগে।নৌসেনাৰ পতাকা সন্দৰ্ভত তেওঁ কয় যে সকলো কমনৱেলথ নৌসেনাই একেখন পতাকা উৰুৱাই যিখন এখন ডাঙৰ বগা পতাকাৰে গঠিত আৰু ষ্টাফৰ ওচৰৰ ওপৰৰ চুকত ৰঙা ক্ৰছ আৰু ইউনিয়ন জেক থাকে ৷ ইয়াক ‘হোৱাইট এনচাইন’ নামেৰে জনা যায়।টোকাত তেওঁ পৰামৰ্শ দিছিল যে নতুন পতাকাত ৰেড ক্ৰছটো থাকিব লাগে যদিও ইউনিয়ন জেকৰ ঠাইত ভাৰতীয় জাতীয় পতাকাখনে ল’ব লাগে। একেদৰে ভাৰতীয় বায়ুসেনাৰ বাবে তেওঁ ইউনিয়ন জেক আৰু ৰঙা, বগা আৰু নীলা ৰঙৰ ৰাউণ্ডেল থকা পাতল নীলা পতাকাখনৰ ঠাইত সেউজীয়া, বগা আৰু গেৰুৱা ৰাউণ্ডেল থকা ৰাষ্ট্ৰীয় পতাকাখন সলনি কৰা উচিত বুলি পৰামর্শ দিছিল । আকৌ, তেওঁ কমনৱেলথৰ পতাকাৰ সৈতে সামঞ্জস্যতা বজাই ৰাখিবলৈ পৰামৰ্শ দিছিল।
মাউণ্টবেটেনে ইউনিফৰ্মৰ বাবে কি পৰিৱৰ্তনৰ পৰামৰ্শ দিছিল?
লৰ্ড মাউণ্টবেটেনে তেওঁৰ টোকাত বৰ্তমানৰ ইউনিফৰ্মসমূহ যিমান পাৰি কমকৈ সলনি কৰিবলৈ আহ্বান জনাইছিল ৷তেওঁ লগতে কয় যে মেজৰ আৰু তাৰ ওপৰৰ ৰেংকৰ বেজত লগোৱা মুকুটটোৰ ঠাইত “অশোকৰ তিনিটা সিংহ” ব্যৱহাৰ কৰিব লাগে আৰু ষ্টাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য বাথৰ ঠাইত ষ্টাৰ অৱ ইণ্ডিয়া বা আন এটা ৰূপৰ তৰাৰ ব্যৱহাৰ কৰিব লাগে।তেওঁ লগতে পৰামৰ্শ দিছিল যে জেনেৰেলৰ ৰেংকৰ বেজত থকা ক্ৰছ কৰা তৰোৱাল আৰু লাঠিডাল থাকিব লাগে ৷ তেওঁ কয়, “যদি বিশেষভাৱে পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে সম্ভৱতঃ লাঠিডালৰ ঠাইত আন এখন তৰোৱালে ল’ব পাৰে ৷ যাৰ ফলত দুখন ক্ৰছ তৰোৱাল দিব পাৰে।” প্ৰাক্তন ভাইচৰয় গৰাকীয়ে নৌসেনা আৰু বায়ুসেনাত পদবীৰ ৰেংক ধৰি ৰখাৰ পোষকতা কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবোৰ প্ৰায় একেই।
মাউণ্টবেটেনৰ পৰামৰ্শৰ প্ৰতি ভাৰত চৰকাৰে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল?
নেহৰুৱে ১৯৪৯ চনৰ ছেপ্টেম্বৰ মাহত তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰীলৈ পত্ৰ লিখি কৈছিল যে প্ৰাক্তন গৱৰ্ণৰ জেনেৰেলে যিমান পাৰি কম পৰিৱৰ্তন হ’ব লাগে বুলি দিয়া পৰামৰ্শৰ সৈতে তেওঁ একমত। তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ নৌসেনাৰ বাবে মাউণ্টবেটেনে পৰামৰ্শ দিয়া পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে।তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল চি ৰাজগোপালাচাৰীয়েও ১৯৪৯ চনৰ মে’ মাহত নিজেই নেহৰুলৈ পত্ৰ লিখি মাউণ্টবেটেনৰ পৰামৰ্শত সন্মতি দিছিল। মাউণ্টবেটেনৰ পৰামৰ্শসমূহ কাৰ্যতঃ সকলো গ্ৰহণ কৰা হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হয়।