সংগীতৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা প্ৰয়াত লতা মংগেশকাৰৰ জীৱন আছিল অত্যন্ত প্ৰত্যাহ্বানেৰে ভৰা ৷ পিতৃৰ বিয়োগৰ পাছত পৰিয়ালটো পোহপাল দিয়াৰ বাবে লতা মংগেশকাৰে কৰিব লগীয়া হৈছিল আন এক সংগ্ৰাম ৷ মাতৃ আৰু ভাতৃ-ভগ্নীৰ ভৰণ-পোষণৰ বাবে তেওঁ প্ৰথমে ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল ৷ লতা মংগেশকাৰৰ জন্মৰ সময়ত পৰিয়ালে হেমা নাম দিছিল ৷ পৰৱর্তী সময়ত পিতৃ দীননাথ মংগেশকাৰে এখন নাটকৰ লতিকা নামৰ এগৰাকী মহিলা চৰিত্ৰৰ নামেৰে তেওঁক লতা নামেৰে পুনৰ নামাকৰণ কৰিছিল। পাঁচ বছৰ বয়সতে কিংবদন্তী গায়িকা গৰাকীয়ে তেওঁৰ পিতৃৰ মাৰাঠী ভাষাৰ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।
লতা মংগেশকাৰৰ জীৱনভিত্তিক গ্ৰন্থত যতীন্দ্ৰ মিশ্ৰই এই সন্দর্ভত এনেদৰে লিখিছে -“পিতৃ পণ্ডিত দীননাথ মংগেশকাৰৰ নাট্য প্ৰতিষ্ঠান বলৱন্ত সংগীত মণ্ডলীয়ে অৰ্জুন আৰু সুভদ্ৰাৰ কাহিনীৰ ওপৰত আধাৰিত সৌভদ্ৰা নামৰ নাটক মঞ্চস্থ কৰিছিল। পণ্ডিত দীননাথে অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ন বছৰীয়া লতাই নাৰদৰ চৰিত্ৰত অভিনয় কৰিছিল৷ “ তেওঁ পিছত পিতৃৰ প্ৰযোজনাত গুৰুকুল নামৰ নাটকত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল।
১৯৪২ চনত লতা মংগেশকাৰৰ পিতৃ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ পাছত মাষ্টাৰ বিনায়ক দামোদৰ কৰ্ণাটকীয়ে মেলোডি কুইনক এগৰাকী অভিনেত্ৰী আৰু গায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰাত সহায় কৰিছিল।
লতা মংগেশকাৰে ১৯৪২ চনত বসন্ত যোগলেকাৰৰ মাৰাঠী চলচ্চিত্ৰ কিতি হাছালৰ নাচু য়া গাদে খেলু চাৰি মণি হাউছ ভাৰী নামৰ এটা মাৰাঠী গান গাইছিল কিন্তু দুৰ্ভাগ্যবশত গানটো ছবিখনৰ পৰা বাদ দিয়া হৈছিল।মাষ্টাৰ বিনায়কে মংগেশকাৰক এখন মাৰাঠী চলচ্চিত্ৰ পাহিলি মঙ্গলা-গৌৰত এটা সৰু চৰিত্ৰৰ প্ৰস্তাৱ দিছিল ৷
১৯৪৫ চনত মাষ্টাৰ বিনায়কৰ প্ৰথম হিন্দী ভাষাৰ চলচ্চিত্ৰ ‘বাদি মাত’ত লতা মংগেশকাৰে তেওঁৰ সৰু ভগ্নী আশা ভোছলেৰ সৈতে এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। চলচ্চিত্ৰখনত তেওঁ এটা ভজন গাইছিল ৷ পৰিয়াল পোহপাল দিয়াৰ বাবে অভিনয় কৰিলেও লতা মংগেশকাৰে কেতিয়াও অভিনয় কৰি ভাল পোৱা নাছিল ৷ এই কথা তেওঁ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল ৷ ২০০৮ চনত এন ডি টি ভিৰ এটা সাক্ষাৎকাৰত কৈছিল -“মই এগৰাকী অভিনেত্ৰী হিচাপে জীৱন আৰম্ভ কৰিছিলো। কিন্তু মই কেতিয়াও অভিনয় ভাল পোৱা নাছিলো। মই মাষ্টাৰ বিনায়কৰ সৈতে কাম কৰিছিলো। মই চলচ্চিত্ৰত অভিনয় কৰিছিলো কিন্তু মই কেতিয়াও উপভোগ কৰা নাছিলো কিয়নো মই বহুত সৰু আছিলোঁ। মই মেক আপ কৰা আৰু কেমেৰাৰ সন্মুখত হাঁহিব আৰু কান্দিব লগা হোৱাটো বেয়া পাইছিলো। ইয়াতকৈ মই গান গাবলৈ ভাল পাওঁ। মই সৰুৰে পৰা গানৰ প্ৰতি আকৰ্ষিত হৈছিলো ৷,”
সংগীত পৰিচালক গোলাম হায়দৰে তেওঁক দিল মেৰা টোডা, মুঝে কহিন কা না ছোৰা শীর্ষক গীত – মাজবুৰ (১৯৪৮) ছবিৰ বাবে গাবলৈ সুযোগ প্ৰদান কৰিছিল ৷ এয়াই আচিল সুৰ সাম্ৰাজ্ঞীৰ জীৱনৰ টার্নিং পইণ্ট ৷ তাৰ পিছত মেহেল (১৯৪৯) চলচ্চিত্ৰৰ জৰিয়তে তেওঁ সংগীতৰ ক্ষেত্ৰখনত সকলোৰে বাবে চিনাকি নাম হৈ পৰে ৷