বাংলা হওক বা পাঞ্জাবী হওক, বিয়া মানে খাদ্য ঢালি দিয়া, বহু আলহী গোট খোৱাটো এক পৰম্পৰাগত ব্যৱস্থা। কিন্তু এইবাৰ লোকসভাত এই প্ৰথা সলনি কৰিবলৈ নতুন বিধেয়ক প্ৰস্তাৱ কৰা হয়। বিয়া আৰু সামাজিক উৎসৱৰ দৰে অনুষ্ঠানত অপচয় ৰোধ কৰাৰ লক্ষ্যৰে শুকুৰবাৰে লোকসভাত এই বিধেয়কখন উত্থাপন কৰে লোকসভাৰ সাংসদ যশবীৰ সিং গিলে। বিধেয়কখনত সকলোৰে বাবে অনুষ্ঠানৰ স্থানৰ খৰচৰ সীমা নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। প্ৰস্তাৱিত বিধেয়কখনত বিয়াৰ অতিথিৰ সংখ্যা ৫০ জন আৰু খাদ্যতালিকা ১০ বিধ সামগ্ৰীলৈ সীমিত কৰাৰ কথা উল্লেখ কৰা হৈছে।
লোকসভাত কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে, ‘‘বিশেষ অনুষ্ঠানত অপচয়কাৰী ব্যয় প্ৰতিৰোধ’ নামৰ প্ৰস্তাৱিত বিধেয়কখনে সমাজৰ অভাৱগ্ৰস্ত লোকসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব আৰু বিধেয়কখন গৃহীত হ’লে নাৰী ভ্ৰুণ হত্যাৰ দৰে জঘন্য অপৰাধ বন্ধ হ’ব।” ২৫০০ টকাতকৈ অধিক ধন উপহাৰ হিচাপে দিব নোৱাৰিব অথবা ১০০ জনতকৈ অধিক অতিথিকো নিমন্ত্ৰণ কৰিব নোৱাৰাৰ প্ৰস্তাৱ দিয়া হৈছে বিধেয়কখনত ৷
এই বিধেয়কখনৰ আচল উদ্দেশ্য হৈছে বিয়াৰ দৰে সামাজিক অনুষ্ঠানত ধনৰ অপচয় বন্ধ কৰা। পঞ্জাৱৰ খাদুৰ চাহাব লোকসভা সমষ্টিৰ সদস্যজনে দাবী কৰে যে এই বিধেয়কখন বিয়াত ধনৰ প্ৰদর্শন ৰোধ কৰিব ৷ ভাৰতত বহু পিতৃ-মাতৃয়ে কন্যা সন্তানৰ বিয়া পাতিবলৈ মানুহৰ পৰা ধন ধাৰে ল’বলগীয়া হয়। এই ঋণ পৰিশোধ কৰিবলৈ তেওঁলোকে সকলো ঘৰ-মাটি হেৰুৱাই সর্বস্বান্ত হৈ পৰে ৷ যৌতুকৰ বাবে ধন সংগ্ৰহৰ ক্ষেত্ৰতো তেওঁ সমস্যাৰ সন্মুখীন হয়। যদিহে বিধেয়কখন গৃহীত হয় তেন্তে ছোৱালীক আৰু বোজা বুলি গণ্য কৰা নহ’ব বুলি আশা কৰিছে যশবীৰে।