উত্তৰাখণ্ড,আমাৰ দেশ ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য ৰাজ্য যি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিশ্ব বিখ্যাত। গোটেই বছৰটোৱেই ইয়ালৈ লক্ষ লক্ষ পৰ্যটকৰ আগমন ঘটে যদিও বিশেষকৈ গ্ৰীষ্মৰ সময়ছোৱাত পৰ্যটকৰ আগমন কিছু বৃদ্ধি পায়।
ৰং-বিৰঙী ফুলে চৌদিশ আৱৰা মন্ত্ৰমুগ্ধকৰ প্ৰাকৃতিক পৰিবেশৰ বাবে ইয়ালৈ আহি পৰ্যটক সকলে যেন এক অনাবিল সুখ অনুভৱ কৰে ৷
‘ভেলী অৱ ফ্লাৱাৰ্ছ’ অৰ্থাৎ ফুলৰ উপত্যকাৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰাৰ বাবেই দেৱভূমিলৈ আগমন ঘটে লক্ষ লক্ষ প্ৰকৃতিপ্ৰেমীৰ। যদি আপুনিও ফুল ভাল পায় তেন্তে জুন আৰু জুলাই মাহত আপুনিও আহিব পাৰে এইখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা ঠাইলৈ। য’ত ভেলী অৱ ফ্লাৱাৰ্ছ অৰ্থাৎ ফুলৰ উপত্যকাৰ সৌন্দৰ্য্য দেখি আপুনি হয়তো বাকৰুদ্ধ হৈ পৰিব কিছু মূহুৰ্তৰ বাবে ৷ উত্তৰাখণ্ডৰ সেউজীয়া পাহাৰৰ কোলাত অৱস্থিত এই উপত্যকাত আপুনি চকুৰে নমনালৈকে দেখা পাব কেৱল আৰু কেৱল ৰং-বিৰঙী হাজাৰ হাজাৰ ফুল৷
উত্তৰাখণ্ডৰ চামোলিত অৱস্থিত এই ফুলৰ উপত্যকা যি বছৰটোত মাত্ৰ ৩-৪ মাহৰ বাবেহে পৰ্য্যটকৰ বাবে খোলা থাকে। জুন মাহৰ পৰা অক্টোবৰ মাহলৈকে এই সময়ছোৱাত দূৰ-দূৰণিৰলৈকে বিস্তৃত ফুলৰ সৰগীয় দৃশ্যৰ বাবেই ইয়াত প্ৰকৃতিপ্ৰেমীৰ ভিৰ দেখা যায়। যাৰ বাবে এই ফুলৰ উপত্যকাই বিশ্ব ঐতিহ্যৰ তালিকাত স্থান দখল কৰিছে।
৮৭.৫ বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত উত্তৰাখণ্ডৰ এই ফুলৰ উপত্যকাত আছে ৫০০ৰো অধিক প্ৰজাতিৰ ফুল,যাৰ ভিতৰত বহু বিদেশী ফুলো দেখা যায়৷উদ্ভিদবিদ ফ্ৰেংক চিডনী স্মিথে আৱিষ্কাৰ কৰিছিল দেৱভূমিৰ এই ফুলৰ উপত্যকা । পৰ্বতাৰোহণৰ বাবে ওলাই যোৱাৰ সময়ত ভুলবশতঃ এই উপত্যকাৰ ওচৰ পাইছিলগৈ আৰু প্ৰথমবাৰৰ বাবে এই স্বৰ্গসদৃশ ঠাইখন দেখি তেওঁ মন্ত্ৰমুগ্ধ হৈ পৰিছিল।
চলিত বৰ্ষত ১ জুনৰ পৰা ৩১ অক্টোবৰলৈকে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ এই ফুলৰ উপত্যকা। যদি আপুনি গ্ৰীষ্মৰ সময়ছোৱাত সময়ছোৱাত চামোলিৰ এই মনোমোহা উপত্যকালৈ যাবলৈ বিচাৰে তেন্তে বদ্ৰীনাথ ঘাইপথৰ পৰা গোবিন্দঘাটলৈ গৈ ইয়াৰ পৰা প্ৰায় ১১ কিলোমিটাৰ ট্ৰেকিং কৰি ইয়াৰ পিছত হেমকুণ্ড যাত্ৰাৰ বেছ কেম্পেৰে ঘঘৰীয়ালৈ যাব লাগিব আপুনি । এই বেচ কেম্পৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অনন্য সুন্দৰ ভেলী অৱ ফ্লাৱাৰ্ছ। অৱশ্যে ইয়ালৈ যাবলৈ আপুনি প্ৰথমে পঞ্জীয়ন কৰিব লাগিব। য’ত ভাৰতীয় সকলৰ বাবে মাচুল ১৫০ টকা, আনহাতে বিদেশী সকলৰ বাবে মাচুল হয় ৬০০ টকা ।