বুধবাৰে ঘোষণা কৰা হয় অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ ৰছিকা ইছলামে।
মাটিয়াবাগৰ বাসিন্দা তথা সেনা বাহিনীৰ প্ৰাক্তন কৰ্ণেল ছাইদুল ইছলাম আৰু ৰাইহানা ইছলামৰ কন্যা হৈছে ৰছিকা ইছলাম ৷ অসম লোকসেৱা পৰীক্ষাত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ ৷ ৰচিকা ইছলামৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গৌৰীপুৰবাসী। উল্লেখ্য যে ৰচিকা ইছলামৰ স্বামী ৰৌশন উল আলম এজন নিৰ্বাচনী বিষয়া। ২০২১ বৰ্ষত ৰচিকাই এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। যোৱা দুবছৰ ধৰি ৰচিকা ইছলামে ধুবুৰী কৰ কাৰ্যালয়ত চাকৰি কৰি আহিছে।
ইপিনে ফলাফল ঘোষণাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ৰচিকা ইছলাম ৷ সংবাদ মাধ্যমেৰে মত বিনিময় কৰি তেওঁ কয় _” খুব ভাল লাগিছে ৷ ইয়াৰ বাবে মোৰ প্ৰস্তুতি যথেষ্ট দীঘলীয়া আছিল ৷ এয়া মোৰ প্ৰথম প্ৰচেষ্টা নাছিল ৷ ইয়াৰ পূর্বেও মই এপিএছচিৰ পৰীক্ষা দিছিলো ৷ প্ৰত্যেকবাৰ প্ৰচেষ্টাতে মই নিজকে অধিক প্ৰস্তুত কৰিছিলো ৷ এপিএছচিৰ ২০২১ বর্ষৰ পৰীক্ষাত উত্তীর্ণ হৈছিলো ৷কৰ পৰিদর্শক হিচাপে বর্তমান মই কর্তব্যৰত ৷ চাকৰি আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি দুয়োটা একেলগে কৰি আছিলো ৷ উত্তৰ লিখাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিলো ৷ চাকৰিৰ দায়িত্বৰ বাবে অধিক সময় দিব পৰা নাছিলো ৷ কিন্তু মই ধাৰাবাহিকভাৱে অধ্যয়ন কৰি গৈছিলো ৷ সদায় মই কিতাপ আৰু বাতৰিকাকত পঢ়িছিলো ৷”