অসম আৰক্ষীৰ কঠোৰ পদক্ষেপ স্বত্বেও ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ বেহা।
অৱশ্যে আৰক্ষীয়ে এনে সৰবৰাহকাৰীক ধৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। এইবাৰ লাহৰীজান আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
বহি:ৰাজ্যৰ পৰা এ আৰ 20-2700 নম্বৰৰ বাছখনৰে আনি থকা অৱস্থাত লাহৰীজান আৰক্ষীয়ে জব্দ কৰে 584 গ্ৰাম হেৰ’ইন । 48 টা চাবোনৰ বাকচত এই হেৰ’ইনখিনি লুকুৱাই আনিছিল। আৰক্ষীয়ে দুজন লোককো গ্ৰেপ্তাৰ কৰিছে।