পৃথিৱীৰ ভূ-স্বৰ্গ জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত আৰক্ষীৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ–সস্ত্ৰ ৷লগতে শ্ৰীনগৰৰ চানাপোৰা এলেকাৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুজনকৈ লোকক ৷
সোমবাৰে ‘লস্কৰ-ই-তইবা’ সংগঠনটোৰ দুৰ্ধৰ্ষ দুই সন্ত্ৰাসবাদীক শ্ৰীনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰে ৷ আনহাতে আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ।
“শ্ৰীনগৰ আৰক্ষীয়ে ২ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।১৫ টা পিষ্টল, ৩০ টা মেগজিন, ৩০০ ৰাউণ্ড গুলী আৰু ১ টা চাইলেন্সাৰ সহ আপত্তিজনক সামগ্ৰী আৰু অস্ত্ৰ উদ্ধাৰ কৰিছে। এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰা হৈছে। তদন্ত অব্যাহত আছে ৷ এইটো আৰক্ষীৰ বাবে এক ডাঙৰ সফলতা,” এজন আৰক্ষী মুখপাত্ৰই আইজিপি কাশ্মীৰৰ উদ্ধৃতি দি এনেদৰে কয়।