ধাৰাসাৰ বৰষুণৰ ফলত জম্মু-শ্ৰীনগৰ ঘাইপথত ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে। ভূমিস্খলনৰ ফলত যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি শুকুৰবাৰৰ পৰা ৰামবন জিলাত বৰষুণ অব্যাহত আছে। আৰু সেই বৰষুণৰ বাবেই জিলাখনৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে।
শনিবাৰে পুৱা ঘাইপথৰ এক বৃহৎ অংশ পানীয়ে উটুৱাই লৈ যায়। ফলত পথৰ দুয়োকাষে গাড়ী আবদ্ধ হৈ পৰিছে। জম্মুৰ যান-বাহন সূত্ৰৰ মতে, খহি পৰা পথসমূহ মেৰামতিৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। এজন যান-বাহন বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এই সময়ত জনসাধাৰণক এই ঘাইপথ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ঘাইপথটো ভাঙি যোৱাৰ বাবে মেৰামতিৰ কাম চলি আছে।
এই ঘাইপথটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত । সমগ্ৰ দেশক জম্মু-কাশ্মীৰৰ সৈতে সংযোগ কৰে এই পথটোৱেই। ঘাইপথৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত যাতায়ত স্তব্ধ হৈ পৰিছে। ৰামবনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শৰ্মাই টুইট কৰি কয়, ‘ৰামবনৰ শ্ৰীনগৰ-জম্মু ঘাইপথৰ কেইবাটাও স্থানত ভূমিস্খলন সংঘটিত হৈছে। ৰাস্তাত পাহাৰৰ পৰা ডাঙৰ ডাঙৰ শিল খহি পৰিছে ৷ পথ মুকলি নোহোৱালৈকে যাতায়ত বন্ধ থাকিব।”
যান-বাহন আৰক্ষীৰ সূত্ৰ অনুসৰি ভূমিস্খলনৰ বাবে কেৱল জম্মু-শ্ৰীনগৰ ঘাইপথেই নহয়, ৰাষ্ট্ৰীয় ঘাইপথ ৪৪, মোগল পথ আৰু এছ এছ জি পথো বন্ধ হৈ আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দেওবাৰলৈকে জম্মু-কাশ্মীৰত বৰষুণ অব্যাহত থাকিব। ফলত তেওঁলোকে আৰু অধিক ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰিছে ৷