VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত মানৱ-শৃংখল

ধঁপাতৰ ভয়াবহতাৰ পৰা যুৱ প্ৰজন্মক ৰক্ষাৰ আহ্বানেৰে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ শতাধিক ছাত্ৰ-ছাত্ৰীৰ পত্ৰ প্ৰেৰণ

voicedesk by voicedesk
January 12, 2023
in মুখ্য সংবাদ
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত মানৱ-শৃংখল
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১২ জানুৱাৰী: ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতি বাৰে গুৱাহাটীত শতাধিক ছাত্র-ছাত্ৰীয়ে মানৱ শৃংখলৰ জৰিয়তে ধঁপাতৰ ওপৰত কৰ বৃদ্ধি কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ দাবী জনায়। গুৱাহাটীৰ ঐতিয্যমণ্ডিত কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি পুৱা এক মানৱ শৃংখলৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ ওচৰত এই দাবী উত্থাপন কৰে। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ, নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত আয়োজিত মানৱ শৃংখল কাৰ্যসূচীত অংশ লোৱা ছাত্র-ছাত্ৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ কৰ বৃদ্ধিৰ দ্বাৰা যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়।

ধঁপাত বিৰোধী এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰাই প্ৰতিজন ছাত্র-ছাত্ৰীকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা সমগ্ৰ জীৱন আঁতৰি থাকিবলৈ আহ্বান জনাই কয় – ধঁপাত ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ ভয়াবহ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। মানৱ শৃংখলত অংশ লৈ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় – শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে।

দেশৰ ১৩ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ছাত্র-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে। কৰ বৃদ্ধিৰ জৰিয়তে ধঁপাত ৰ মূল্য অধিক বৃদ্ধি কৰিলেহে ধঁপাতৰ ব্যৱহাৰ বর্তমানৰ তুলনাত বহু শতাংশ হ্ৰাস পাব বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে। মানৱ শৃংখলত অংশ লোৱা ছাত্ৰ-ছাত্ৰী সকলে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰি ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ জৰিয়তে যুৱ প্ৰজন্মৰ জীবন ৰক্ষা কৰিবলৈ মুকলি আহ্বান জনায়। অনুষ্ঠানত বিদ্যালয় খনৰ শিক্ষক ক্ৰমে প্ৰণীতা শৰ্মা বৰদলৈ, নন্দিতা ডেকা আৰু জিতু খনিকৰেও ধঁপাত ব্যৱহাৰৰ অপকাৰীতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক বিস্তৃতভাৱে অৱগত কৰে।লগতে বিদ্যালয়ৰ শিক্ষাৰ্থী দীপাংকৰ চৌধুৰী, বিশাল দাসে ধঁপাত সেৱনৰ পৰিমাণ যে কিমান ভয়াবহ সেই বিষয়ে কয়। এই কাৰ্যসূচীত ‘সেইজ অসম’ৰ সভাপতি পিয়ালী ঘোষ দে, সদস্য অনুপমা ডেকা উপস্থিত থাকে।

Previous Post

মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

Next Post

“বিজেপি যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন”

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মোদী চৰকাৰৰ প্ৰতিবেদনত বিজেপিৰ অস্বস্তি, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ বিধায়কে খৰচ নকৰিলে পূঁজিৰ ধন

"বিজেপি যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন"

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7