VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অবসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ

বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত যোগ্যতা সম্পন্ন শতাধিক শিক্ষক

voicedesk by voicedesk
January 10, 2024
in মুখ্য সংবাদ
অবসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ তথা পুনৰ নিযুক্তিৰ ব্যৱস্থাৰে ২০২১ বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত বিশাল সভা আয়োজন কৰি ৪৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক খেলিমেলিৰ বাবে বহু যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ পৰিয়াল পোহপাল দিবৰ বাবে দিন হাজিৰা পৰ্যন্ত কৰি থকাৰ খবৰ পোৱা গৈছে ।। ইয়াৰোপৰি একাংশ বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ‘শিক্ষক’ পদৰ বিপৰীতে টিউটৰ হিচাবে নিযুক্তি গ্রহণ কৰিব লগা হ’ল । নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা এনেধৰণৰ সকলো বিসংগতি মাত্র ৪৫ দিনৰ ভিতৰতে অনলাইন এপ প্ৰস্তুত কৰি সমাধান কৰা হব বুলি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত সেই সময়ৰ শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যদিও অদ্যপৰিমিত কোনো এটা সমস্যা সমাধান হোৱা নাই । . তাৰোপৰি সেই একেখন সভাতে মুখ্যমন্ত্রী শৰ্মাদেৱে শিক্ষক সকলে অৱসৰৰ পাছত দহ লাখ টকাৰ গ্ৰেছুইটি আৰু পেঞ্চন লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে অৱসৰ গ্রহণ কৰা কোনো এজন শিক্ষকেও দহলাখ টকা বাদেই এটা ফুটাকড়িও লাভ নাই বুলি জানিব পৰা গৈছে । বিগত ২০২১ চনৰ ৩০ জানুৱাৰীত নিযুক্তি পত্ৰ গ্রহণ কৰি শিৱসাগৰ জিলাৰ ডিমৌ শিক্ষা খণ্ডৰ অন্তর্গত ৩ নং নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা শ্ৰী মুখেশ্বৰ গগৈ,বালিবৰ প্ৰাথমিক বিদ্যালয়ৰ ভদ্ৰ ৰাম গায়ন, ৰাইচাই প্ৰাথমিক বিদ্যালয়ৰ শ্ৰী প্ৰিয়লতা ভূঞা, নাজিৰা শিক্ষাখণ্ডৰ অন্তর্গত কাৰচোৱা প্ৰাথমিক বিদ্যালয়ৰ ৰূপালীম গগৈ, আমগুৰি শিক্ষা খণ্ডৰ অন্তর্গত ম: মনোৱাৰ আলি, সোণাৰি শিক্ষাখণ্ডৰ অন্তর্গত শ্ৰী ভাৰতী বৰগোহাঁই , লখিমপুৰ জিলাৰ জ্ঞানদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰী তিলো গগৈ শইকীয়া, শ্ৰী বিনো হাজৰিকা গগৈ, ২৫৩ নং চিয়াজুলি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰী প্ৰদীপ সভাপণ্ডিত ,চৌখাম শংকৰদেৱ বিদ্যালয়ৰ যোগ শইকীয়া দাস,হেমা শইকীয়া, জোনাকী ৰাজখোৱা,নাওবৈচা শিক্ষাখণ্ডৰ মোহন শইকীয়া, গজেন পায়েং, আব্দুল ছিদ্দিক, ৰাতুল শৰ্মা,ভদ্রভদ্রা ডেকা, গোপীকান্ত মেধিকে প্ৰমুখ্য কৰি ৰাজ্যৰ বহু সংখ্যক শিক্ষক শিক্ষয়িত্রী ইতিমধ্যে অৱসৰ গ্রহণ কৰিছে যদিও কোনো এগৰাকী শিক্ষকেও অৱসৰ কালীন সুবিধা লাভ কৰা নাই ।
সেয়েহে শিক্ষক সকলে এই নিযুক্তি প্ৰক্ৰিয়া তথা নিয়মীয়াকৰণ ব্যৱস্থাক কণা হাঁহক পতান ধান দিয়া বুলি তীব্র অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ।
সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ কেন্দ্ৰীয় সভানেত্রী শ্ৰীমতী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে ৰাজ্যৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীক ইতিমধ্যে অৱসৰ গ্রহণ কৰা আৰু বিনা বেতনেৰে মৃত্যুবৰণ কৰা শিক্ষক সকলৰ পৰিয়ালবর্গক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবৰ বাবে সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে । তাৰোপৰি নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকলক অতি সোনকালে নিযুক্তি পত্ৰ প্ৰদান কৰা, বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সকলক টিউটৰৰ পৰিবৰ্তে শিক্ষক পদত নিযুক্তি দিয়া, টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবেও চৰকাৰক আহ্বান জনাইছে । ইতিমধ্যে অৱসৰ গ্রহণ কৰা শিক্ষক শিক্ষয়িত্রী সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নিযুক্তি প্রদান অনুষ্ঠানত ঘোষণা কৰা অনুসৰি দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰি দিবৰ বাবে আহ্বান জনাইছে সদৌ অসম কৰ্মৰত প্ৰাথমিক শিক্ষক মঞ্চই ।

তাৰোপৰি নতুন নিযুক্তি ব্যৱস্থাত অৱসৰৰ পাছত শিক্ষক সকলে পেঞ্চন পাবলৈ সক্ষম হবনে নহয় সেই দুঃচিন্তা লৈ কাম কৰিব লগা হৈছে বুলি শিক্ষক সকলে অভিযোগ উত্থাপন কৰিছে । সেয়েহে আজিৰ পৰা প্ৰায় পঁচিশ ত্ৰিশ বছৰ পূর্বে চৰকাৰী নীতি অনুসৰি নিযুক্তি লাভ কৰা শিক্ষকসকলক বৰ্তমান দিয়া নতুন স্কেলপে’ৰ পৰিবৰ্তে পুৰণি স্কেলপে’ প্ৰদান কৰিবৰ বাবে সন্থাৰ সভানেত্রী আৰু সম্পাদকে চৰকাৰৰ ওচৰত আন এটা মুখ্য দাবী উত্থাপন কৰিছে ।

Previous Post

হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7