প্ৰায় ডেৰ বছৰ ধৰি পূব ইউৰোপত যুদ্ধ চলি আহিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি অহা এই যুদ্ধত বিদেশীয়েও অংশগ্ৰহণ কৰিছে। ৰাছিয়াই বিদেশী যুৱকক সেনাবাহিনীত ব্যৱহাৰ কৰিবলৈ কেতবোৰ লোভনীয় সুবিধা দিছে। ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনৰ লোভনীয় সুবিধাৰ বাবে ৰাছিয়ালৈ ৰাওনা হৈছে নেপালৰ বহু যুৱক । যোৱা এটা বছৰত নেপালৰ বহু লোকে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছে। নেপালৰ সংবাদ মাধ্যম নেপাল প্ৰেছৰ এক প্ৰতিবেদন অনুসৰি শ শ নেপালী যুৱকে এটা নিৰ্দিষ্ট উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি পুটিনৰ সেনাবাহিনীত যোগদান কৰিছে। পুটিনৰ বাবে ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিছে।
ডিপ্লমেটে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে যুদ্ধত বিদেশী যুৱকক ব্যৱহাৰ কৰি সেনাবাহিনীক শক্তিশালী কৰাৰ বাবে পুটিনে নিৰ্দিষ্ট প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াই কয় যে যদি তেওঁলোকে নিজৰ সেনাবাহিনীত যোগদান কৰি এবছৰ যুদ্ধ কৰে তেন্তে পৰিয়ালটোৱে ৰাছিয়াত থকাৰ সুযোগ পাব। সেই বিদেশী সৈন্যই লাভ কৰিব ৰাছিয়াৰ স্থায়ী নাগৰিকত্ব। ইয়াৰ লগতে বিপুল পৰিমাণৰ দৰমহাও প্ৰদান কৰা হৈছে
নেপালৰ দৰে সৰু দেশৰ যুৱ প্ৰজন্ম ৰাছিয়াৰ এই নিশ্চিত ভৱিষ্যতৰ কবলৰ পৰা সাৰি যাব নোৱাৰিলে। সেয়েহে বহুতেই দেশ এৰি ৰাছিয়ালৈ যাবলৈ আৰম্ভ কৰিছে । ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰা এজন নাম প্ৰকাশ নকৰা নেপালী যুৱকে নেপালী সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে তেওঁ ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰাৰ পূৰ্বে প্ৰশিক্ষণ লাভ কৰিছিল। সেই প্ৰশিক্ষণৰ সময়ত তেওঁ লাভ কৰা দৰমহা নেপালৰ এজন সাধাৰণ চৰকাৰী কৰ্মচাৰীৰ দৰমহাতকৈ কেইবাগুণো বেছি আছিল। যুদ্ধত জীৱনৰ বিপদ থকাটো সঁচা, কিন্তু কম মজুৰিৰে বা নিবনুৱা ব্যক্তি হিচাপে নেপালত জীয়াই থকাতকৈ এই বিপদ বহুত বেছি আকৰ্ষণীয়।
ৰাছিয়াৰ সেনাবাহিনীত যোগদানৰ ক্ষেত্ৰত ভাষাক লৈ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল ৷ কিন্তু সেয়াও সমাধান কৰা হ’ল ৷ নেপালী যুৱকসকলে কয় যে তেওঁলোকক প্ৰথমে ৰাছিয়ান ভাষা শিকিবলৈ কোৱা হৈছিল যদিও পিছত সেই নিয়ম শিথিল কৰা হৈছিল। বৰ্তমান ইংৰাজী জানিলেহে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিব পাৰি।
অৱশ্যে ৰাছিয়াত থকা নেপালী দূতাবাসে কয় যে নেপালীসকলে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰাৰ কোনো আনুষ্ঠানিক তথ্য তেওঁলোকৰ হাতত নাই।