স্বামী জীয়াই থকাৰ পাছতো কেবল বিধৱা পেঞ্চন লাভৰ বাবেই নিজকে বিধৱা সজালে মহিলাই ৷ এনে অভিযোগত বিডিঅ’ই থানাত ১২ গৰাকী মহিলাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ঝাৰখণ্ডৰ ছিমডেগাত সংঘটিত হৈছে এই কাণ্ড। এই গুৰুতৰ অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
বহুদিন ধৰি কেইবাগৰাকীও মহিলাই অনৈতিকভাৱে চৰকাৰী ভাট্টা লোৱাৰ অভিযোগ উত্থাপন কৰিছে পংকজ কুমাৰ নামৰ বিডিঅ’ই। আৰক্ষীৰ আগত অভিযুক্তৰ নাম উল্লেখ কৰি বিডিঅ’ই দাবী কৰে যে যোৱা ৮-১০ মাহ ধৰি ১২ গৰাকী মহিলাই বিধৱা ভাট্টা লৈছিল। প্ৰশাসনে নতুনকৈ ইয়াৰ অডিট কৰে। ইয়াৰ পিছত এই ঘটনাটো পোহৰলৈ আহে ৷ মুঠ ১২ গৰাকী মহিলাই নথি-পত্ৰ জাল কৰি বা ভুৱা তথ্য দি এই কার্য সংঘটিত কৰিছে। বিডিঅ’ৰ মতে, “কোনো তথ্য জমা নিদিয়াকৈ সেই মহিলাসকলে কেনেকৈ ধন উলিয়ালে সেয়া এক ৰহস্য। হিতাধিকাৰীৰ তালিকাত সেই মহিলাসকলৰ নাম পোনপটীয়াকৈ থকা বুলি দাবী কৰে। যদি আছে, তেন্তে প্ৰশাসনৰ ভিতৰৰ পৰা এই দুৰ্নীতিত কোনোবাই সহায় কৰিছেনে?” বিডিঅ’ই কয় যে আৰক্ষীয়ে তদন্ত কৰিব।
বিডিঅ’ই ১২ গৰাকী মহিলাৰ নাম দাখিল কৰিছে থানাত। তদন্তকাৰীয়ে জনোৱা মতে, মহিলাসকলে অবৈধভাৱে ‘মুখ্যমন্ত্ৰী ৰাজ্য মহিলা নিৰশ্ৰিত বিধান মহিলা সন্মান যোজনা’ৰ পৰা ধন লোৱাৰ অভিযোগক গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে।
মন কৰিবলগীয়া যে ঝাৰখণ্ডত ১৮ৰ পৰা ৬০ বছৰ বয়সৰ বিধৱাৰ বাবে ৰাজ্য চৰকাৰৰ এই আঁচনিৰ জৰিয়তে লাখ লাখ বিধৱাই লাভৱান হৈছে। যদি বিধৱাৰ সন্তান বা নাতি নাবালিকা হয় তেন্তে ঝাৰখণ্ড চৰকাৰেও তেওঁলোকৰ পঢ়া-শুনাৰ বাবে মাহিলী ভাট্টা দিয়ে।