ছিংগাপুৰ ভ্ৰমণৰ বাবে অনুমতি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিলম্ব কৰা সন্দর্ভত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আজি তেওঁ কয় যে বিশ্ব সন্মিলনত অংশগ্ৰহণৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ তেওঁক অনুমতি প্ৰদান কৰাত পলম হোৱাৰ আঁৰত “ৰাজনৈতিক কাৰণ” আছে ৷ কেন্দ্ৰই অনুমতি প্ৰদানত হোৱা বিলম্বৰ বাবে ক্ষোভ প্ৰকাশ কৰি অৰবিন্দ কেজৰিৱালে কয় যে তেওঁ কোনো অপৰাধী নহয় আৰু ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া “বিশ্ব নগৰ সন্মিলন”ত তেওঁৰ অংশগ্ৰহণ ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয়।
কেজৰিৱালে কয় “ মই অপৰাধী নহয়, মই এখন ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী। মোক ছিংগাপুৰ চৰকাৰে শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে য’ত তেওঁ বিশ্বৰ নেতাসকলক দিল্লীৰ মডেলৰ বিষয়ে অৱগত কৰিব। শীৰ্ষ সন্মিলনখনলৈ কিয় নিষেধাজ্ঞা আৰোপ কৰা হৈছে সেয়া মোৰ বুজা নাই ।মই ভাবো এই ভ্ৰমণে ভাৰতলৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব ৷ দেশৰ আভ্যন্তৰীণ মতানৈক্যই বিশ্বৰ মঞ্চত প্ৰতিফলিত কৰা উচিত নহয়।“ দেওবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ভ্ৰমণৰ অনুমোদনৰ বাবে অনুৰোধ জনায়।এই পত্ৰত কেজৰিৱালে কয় -“চিংগাপুৰ চৰকাৰে আমাক বিশ্ব সন্মিলনত দিল্লীৰ মডেল উপস্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছে। শীৰ্ষ সন্মিলনৰ সময়ত দিল্লীৰ মডেল বিশ্বৰ বহু ডাঙৰ নেতাৰ সন্মুখত উপস্থাপন কৰিব লাগিব। আজি সমগ্ৰ বিশ্বই দিল্লীৰ মডেলৰ বিষয়ে জানিব বিচাৰিছে।এই আমন্ত্ৰণ দেশৰ বাবে গৌৰৱ আৰু সন্মানৰ বিষয় ৷ দিল্লীৰ স্বাস্থ্য আৰু শিক্ষাৰ আৰ্হিৰ দ্বাৰা বিশ্ব অনুপ্ৰাণিত হোৱাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়। দিল্লীৰ বিদ্যালয়, চিকিৎসালয়, মহল্লা ক্লিনিক, বিনামূলীয়া বিদ্যুৎ আদিৰ আৰ্হি যেতিয়া উপস্থাপন কৰিম তেতিয়া দেশখনে গৌৰৱ অনুভৱ কৰিব। “
জুন মাহত ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱঙে কেজৰিৱালক এই বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল যদিও তেওঁ এতিয়াও এই ভ্ৰমণৰ বাবে অনুমতি লাভ কৰা নাই। ১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত তেওঁ ভাষণ দিয়াৰ সম্ভাৱনা আছে