কৰ্ণাটকৰ হস্তশিল্পী শ্বাহ ৰছিদ আহমেদ কাদ্ৰীয়ে পদ্ম বঁটা লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। তেওঁ কয় যে এই সন্মান লাভ কৰিব বুলি তেওঁ ভবা নাছিল। বিৰোধীয়ে ইয়াক লৈ বিজেপি চৰকাৰক আক্ৰমণ কৰিছে । এইবাৰ সেই প্ৰেক্ষাপটতে শিল্পীজনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যেসেই সময়ত তেওঁৰ মনলৈ যি আহিছিল তাকেই প্ৰকাশ কৰিছিল ৷
বিজেপিয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত কাদ্ৰীয়ে কয় যে ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পিছত তেওঁ ভাবিছিল যে তেওঁ এই বঁটা নাপাব। সেই ভিডিঅ’টোত কাদ্ৰীয়ে কৈছিল, “আপোনাৰ চৰকাৰ আহিলে মই ভাবিছিলো যে বিজেপি চৰকাৰে মোক আৰু বঁটা নিদিয়ে। কিন্তু আপুনি মোক ভুল প্ৰমাণ কৰিলে। মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।”
ইয়াৰ পিছত কংগ্ৰেছে দাবী কৰিছিল যে কাদ্ৰীক বিজেপয়ে এনেদৰে ক’বলৈ বাধ্য কৰাইছিল বিজেপিয়ে। কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সুবিধা লাভৰ বাবেই এই সকলোবোৰ কৰিছে। ইয়াৰ পিছত কাদ্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, প্ৰধানমন্ত্ৰীক লগ পাওঁতে মোৰ মনলৈ অহা কথাখিনি ক’লোঁ। মই যি ভাবিছিলো তাকেই কলো। কংগ্ৰেছৰ দিনত একেৰাহে পাঁচ বছৰ ধৰি মোক প্ৰত্যাখ্যান কৰা হৈছে। ইয়াৰ পিছত পদ্মশ্ৰী উপাধি পোৱাৰ আশা ত্যাগ কৰিলোঁ।” তেওঁ লগতে কয় যে কংগ্ৰেছৰ সময়ছোৱাত কৰ্ণাটক চৰকাৰে হস্তশিল্প উন্নয়ন আয়ুক্তই এই পৰ্টফলিঅ’ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু সেয়া কার্যকৰী নহ’ল ৷
সাক্ষাৎকাৰটোত কাদ্ৰীয়ে লগতে কয় যে তেওঁ আগতে কংগ্ৰেছক ভোট দিছিল, কিন্তু আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিক ভোট দিব।