ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ সন্ধান দিলে পুৰস্কাৰ ঘোষণা কৰাৰ কথা হয়তো আপুনি শুনিছে ৷ কিন্তু এজন মনে মিলা সংগী বিচাৰি দিলে পুৰস্কাৰ ঘোষণা কৰা আপুনি শুনিছেনে ? শেহতীয়াকৈ এনে এক ঘোষণাৰে চর্চালৈ আহিছে লছ এঞ্জেলছৰ ৩৫ বছৰীয়া বাসিন্দা ইভ টিলি কলছন ৷ তেওঁ ঘোষণা কৰিছে যে যিয়ে তেওঁক উপযুক্ত স্বামী বিচাৰি দিব তেওঁক ৫০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪ লাখ) পুৰস্কাৰ দিব। এটা সাক্ষাৎকাৰত ইভে কয়, “মই প্ৰথমে মোৰ বন্ধুসকলক এই কথা কৈছিলো। যিহেতু তেওঁলোক সফল হোৱা নাছিল, গতিকে মই ভাবিলোঁ, মোৰ ছ’চিয়েল মিডিয়াৰ বন্ধুসকলক এইটো খবৰ দিলে কেনেকুৱা হ’ব।”
ইভাই জুন মাহৰ পৰাই এই দৰা বাছনি চলাই আহিছে। এই ২০ৰ পৰা ২৫টা সম্পৰ্কৰ প্ৰস্তাৱ লাভ কৰিছে ইভে ৷ অৱশ্যে তেওঁ এতিয়াও কাৰো কথা ভবা নাই। ইভৰ মতে, বহুতে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে যদিও কোনো সফল হোৱা নাই। ইভে ক’লে, “মই পাঁচ বছৰ ধৰি অকলশৰীয়া হৈ আছো। বিভিন্ন এপৰ জৰিয়তে কেইবাজনো ল’ৰাক লগ পাইছিলো, কিন্তু বৰ উপযোগী নাছিল। ক’ভিডৰ পিছত ডেটিং সংস্কৃতিৰ বহু পৰিৱৰ্তন হৈছে। ডেটিং এপত সম্পৰ্ক গঢ়ি তুলিবলৈ এতিয়া কোনেও আগ্ৰহী নহয়। ভ্ৰমণ আৰু আনন্দৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি।“
কিন্তু তেওঁ কেনেকুৱা পাত্ৰ বিচাৰে? ইভে নিজেই ছ’চিয়েল মিডিয়াত কয়, ‘তেওঁ নিশ্চয় একক হ’ব লাগিব । তেওঁৰ বয়স ২৭ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগে। উচ্চতা ৫ ফুট ১১ ইঞ্চি বা তাতকৈ অধিক হ’ব লাগে। মই বিচাৰো তেওঁ আনন্দময় স্বভাৱৰ ধন্য হওক। মই বিচাৰো সেই ব্যক্তিজনে খেলা-ধূলা, জীৱ-জন্তু আৰু শিশুৰ প্ৰতি আগ্ৰহী হওক!”