২০২২ চনত ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰৰ অনুৰ্ধৰ ফিফা মহিলা বিশ্ব কাপ ফুটবলৰ মেছকট মুকলি কৰা হৈছে। ইভা ( Ibha) নামৰ আফ্ৰিকান সিংহিনী হৈছে খেলখনৰ মেছকট।ইভাক নাৰী শক্তিৰ প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছে।
২০২০ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া খেলখন কভিদ পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল। ২০২২ চনত পৰিস্থিতি অনুকুল থাকিলে পুনৰ খেলখন অনুষ্ঠিত হ’ব বুলি ফিফাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
উৰিষ্যা, কলিকতা, আহমেদাবাদৰ লগতে এইবাৰ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলীট ষ্টেডিয়ামটো খেলসমূহ অনুষ্ঠিত হ’ব।
ভাৰত তথা অসমৰ বাবে এই খেলখনে নিশ্চয় আশাৰ বতৰা কঢ়িয়াই আনিব। অনাগত দিনসমূহত ফুটবলৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি যোৱাৰ সম্ভাৱনা কঢ়িয়াই আনিব।