সোমবাৰে কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰ পৰীক্ষা শেষ হোৱাৰ ৩৭ দিনৰ পিছত দশম আৰু ৪৮ দিনৰ পিছত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছে ৷ চিআইএছচিইৰ মুখ্য কাৰ্যবাহী জোচেফ ইমানুৱেলে কয় যে ব’ৰ্ডে ২০২৪ চনৰ পৰা আইচিএছই আৰু আইএছচিৰ কম্পাৰ্টমেণ্ট পৰীক্ষা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৮.৯৪ শতাংশ হোৱাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৬.৯৩ শতাংশ। দশম আৰু দ্বাদশ শ্ৰেণী দুয়োটা পৰীক্ষাতে ছোৱালীয়ে ল’ৰাক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷দশম শ্ৰেণীৰ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯৯.২১ শতাংশ আৰু ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৯৮.৭১ শতাংশ। দ্বাদশ শ্ৰেণীত ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯৮.০১ শতাংশ হোৱাৰ বিপৰীতে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৯৬ শতাংশ।
ইপিনে অঞ্চলভিত্তিক উত্তীৰ্ণৰ শতাংশৰ হাৰ এনেধৰণৰ -উত্তৰ: ৮১,৯০৯ (৯৮.০১%),পূব: ৭৪,৭৯০ (৯৯.২৪%), পশ্চিম: ৩৩,৫৯০ (৯৯.৯১%),দক্ষিণ: ৫১,২৫৭ (৯৯.৮৮%) আৰু বিদেশী: ৭৮২ (৯৩.৫৪%) ৷