এখনৰ পাছত আন এখন ৰাজ্যৰ নির্বাচনত পৰাজিত হৈ আহিছে কংগ্ৰেছ দল ৷ দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ এই দুৰৱস্থাৰ বাবে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকে দোষাৰোপ কৰি আহিছে সমালোচকসকলে ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিৰোধী নেতাসকলেও এই বিষয়টোক লৈয়েই কংগ্ৰেছক আক্ৰমণ কৰি লৈছে ৷ ছোনিয়া গান্ধীৰ পাছত পুত্ৰ ৰাহুল আৰু কন্যা প্ৰিয়ংকাই দলীয় ৰণনীতিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে ৷ এইবাৰ ৰাজনীতিলৈ আহিবলৈ মন মেলিছে ছোনিয়া গান্ধীৰ জোঁৱাই তথা প্ৰিয়ংকাৰ স্বামী ৰবার্ট ভাদ্ৰা ৷
দেওবাৰে উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত পূজা কৰাৰ পিছত স্থানীয় ইউটিউব চেনেলৰ সৈতে মত বিনিময় কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই কয় যে “যদি ৰাইজে বিচাৰে” তেনেহ’লে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সাজু ৷ ইয়াৰ জৰিয়তে ৰাইজক সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰিব বুলিও ভাদ্ৰাই প্ৰকাশ কৰে ৷ তেওঁ কয় -“যদি ৰাইজে বিচাৰে মই তেওঁলোকক প্ৰতিনিধিত্ব কৰা উচিত আৰু তেওঁলোকৰ বাবে কিছু পৰিৱৰ্তন আনিব পাৰো, তেন্তে মই নিশ্চিতভাৱে এই পদক্ষেপ গ্ৰহণ কৰিম ৷ বিগত ১০ বছৰ ধৰি মোৰ দাতব্য সংস্থাৰ কাম চলি আছে আৰু ভৱিষ্যতেও অব্যাহত থাকিব। মই ৰাজনীতিত প্ৰৱেশ কৰোঁ বা নকৰো, এই কামসমূহ অব্যাহত থাকিব ৷ কিয়নো এয়া মানৱ সেৱা কৰাৰ উপায় ৷” তেওঁ কয় যে তেওঁ ৰাইজৰ মাজত আছে আৰু ৰাইজে ৷ তেওঁ এইবুলিও কয় যে সংবাদ মাধ্যমসমূহে মানুহক বাস্তৱ সত্য দেখুৱাবলৈ ভয় কৰে। এয়া গণতন্ত্ৰৰ অংশ নহয় আৰু ই দেশক অনগ্ৰসতাৰ ফালে লৈ যাব, বিকাশৰ দিশে নহয় ৷
লক্ষণীয়ভাৱে, শেহতীয়াকৈ সমাপ্ত হোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৪০৩ খন আসনৰ ভিতৰত মাত্ৰ দুখন আসন লাভ কৰিছিল।উত্তৰ প্ৰদেশৰ নিৰ্বাচনত তেওঁৰ পত্নীৰ ভূমিকাৰ বিষয়ে সোধাত কয়, “মই প্ৰিয়ংকাক ১০ ৰ ভিতৰত ১০ দিম। তেওঁ এই নিৰ্বাচনৰ বাবে দিন-ৰাতি কাম কৰিছিল। কিন্তু, আমি ৰাজ্যখনৰ জনসাধাৰণৰ আদেশ স্বীকাৰ কৰিছো আৰু সম্পূৰ্ণ শক্তিৰে তেওঁলোকৰ সেৱা অব্যাহত ৰাখিম ৷ যদি ই ভি এম সম্পৰ্কীয় জনসাধাৰণৰ মনত থকা সন্দেহ আঁতৰ কৰা হয় তেন্তে দেশত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণ বেলেগ হ’ব’।