সেয়েহে আজিৰ পৰাই সাৱধান হওঁক ৷অন্যথা আপোনাৰ লগত সংঘটিত হ’ব পাৰে এক মাৰাত্মক দুৰ্ঘটনা ৷ হঠাৎ বিস্ফোৰণ হ’ব পাৰে আপোনাৰ মোবাইল ফোন ৷
যদি আপুনিও আপোনাৰ মোবাইল ফোনটোৰ কভাৰত কাগজৰ নোট বা যিকোনো ধৰণৰ কাগজ ৰাখে, তেন্তে এতিয়াৰ পৰা সাৱধান হওক। অন্যথা আপোনাৰ লগত মাৰাত্মক দুৰ্ঘটনা সংঘটিত হ’ব পাৰে আৰু আপোনাৰ মোবাইল ফোনটো বিস্ফোৰণ হ’ব পাৰে। দৰাচলতে ব্যৱহাৰকাৰীৰ সৰু সৰু ভুলৰ বাবেই মোবাইল ফোনৰ বিস্ফোৰণৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে।
সেয়েহে এনে পৰিস্থিতিত মোবাইল ফোনৰ কভাৰত কাগজৰ টকা বা কোনো ধৰণৰ কাগজ ৰাখিব নালাগে।
কাৰণ মোবাইল ফোনত টকা ৰাখিলে বহুতো সমস্যা আহিব পাৰে আৰু ইয়াৰ ফলত বহু লোকচান হ’ব পাৰে।
মোবাইল ফোনৰ কভাৰত কাগজৰ নোট ৰাখিলে ব্লাষ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে আমি সৰ্বসাধাৰণতে ব্যৱহাৰ কৰা ফোনটো ব্যৱাৰ কৰি থকাৰ সময়ত অতি সোনকালেই গৰম হ’বলৈ আৰম্ভ কৰে, ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আমি ফোনত লগোৱা ডাঠ কভাৰ ।
যেতিয়া আপুনি ফোনটো অবিৰতভাৱে ব্যৱহাৰ কৰে তেতিয়া ফোনটো গৰম হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ কভাৰত ৰখা টকা বা কভাৰৰ বাবে ই ঠাণ্ডা হ’বলৈ সুবিধা নাপায়, যাৰ বাবে ফোনটো অতিমাত্ৰা গৰম হৈ যায় আৰু বিস্ফোৰণ হোৱাৰ আশংকাও বৃদ্ধি পায় ৷
যদি ফোনটোৰ কভাৰ ডাঠ হয় আৰু যদি আপুনি ইয়াত টকা ৰাখে, তেন্তে ই চাৰ্জিঙৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিব পাৰে।
আনহাতে গুৰুত্বপূৰ্ণ কথা হ’ল যে ফোনটোৰ কভাৰত টকা ৰাখিলে কেতিয়াবা নেটৱৰ্কৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে। লগতে চাৰ্জ কৰাৰ সময়ত ফোন ব্যৱহাৰ কৰিলেও ফোনৰ বিস্ফোৰণ ঘটিব পাৰে।
গতিকে যদি আপুনি বিচাৰে যে আপোনাৰ ফোনটোৰ আয়ুস দীৰ্ঘদিনীয়া হওঁক আৰু ইয়াৰ বিস্ফোৰণ নহওক , তেন্তে আমি সকলোৱেই মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এইবোৰ কথা মনত ৰখা উচিত ।