উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ আগলৈ যোগী আদিত্যনাথে মূল পুৰোহিত হিচাপে চোৱাচিতা কৰা গোৰখনাথ মন্দিৰত এজন যুৱকে আক্ৰমণ কৰাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আই আই টিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা এজন যুৱকে দেওবাৰে গোৰখনাথ মন্দিৰৰ বাহিৰত নিয়োজিত দুজন আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু ধৰ্মীয় শ্ল’গান দি মন্দিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে ৷ অৱশ্যে তেওঁক মন্দিৰ চৌহদত প্ৰৱেশৰ পূর্বে স্থানীয় লোকসকলে বাধা প্ৰদান কৰে ৷ ধৃত যুৱকজন আহমেদ মুৰ্তাজা আব্বাচী বুলি চিনাক্ত কৰা হৈছে ৷ মুৰ্তাজা গোৰখপুৰৰ বাসিন্দা আৰু ২০১৫ চনত আই আই টি (ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান)-বোম্বাইৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ আৰক্ষীয়ে তেওঁৰ পৰা এটা লেপটপ, এটা ফোন আৰু এটা টিকট উদ্ধাৰ কৰিছে ৷
আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে এয়া এক সন্ত্ৰাসবাদী আক্ৰমণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৷ তেওঁৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে আৰু স্থানীয় আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত কৰি আছে ৷গোৰখনাথ উত্তৰ প্ৰদেশৰ আটাইতকৈ হাই প্ৰফাইল মন্দিৰসমূহৰ ভিতৰত এটা। যোগী আদিত্য নাথেও সংসদত গোৰখপুৰক প্ৰতিনিধিত্ব কৰিছে আৰু শেহতীয়াকৈ গোৰখপুৰ নগৰ সমষ্টিৰ পৰা তেওঁ প্ৰথম ৰাজ্যিক নিৰ্বাচনত জয়ী হৈছে।