বিশ্বজুৰি অসমৰ চাহৰ আছে এক সুকীয়া মর্যদা আৰু সমাদৰ ৷ কিন্তু অসমৰ চাহৰ এই সমাদৰৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই আৰম্ভ কৰিছে অবৈধ ব্যৱসায় ৷ নেপালৰ পৰা অবৈধভাৱে আমদানি কৰা চাহপাত “ব্ৰেণ্ড আছাম” বুলি বিক্ৰী কৰি অধিক মুনাফা লাভ কৰিবলৈ চেষ্টা চলাইছে অসাধু চক্ৰই ৷ যাৰ বাবে অসমৰ চাহ উৎপাদকসকল অধিক লোকচানৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে ৷ আনকি এই অনৈতিক ব্যৱসায়ক লৈ অসমৰ চাহ উৎপাদক আৰু ৰোপণকাৰীসকলে উদ্বেগ প্ৰকাশ কৰিছে। বিশ্ব ব্যৱসায় সংস্থাৰ চুক্তি অনুসৰি (ট্ৰিপছ) আমদানি কৰা চাহ বাদেই আন কোনো চাহ ভৌগলিক সূচাংক থকা অসম (গতানুগতিক চাহ), দাৰ্জিলিং, কাংৰা আৰু নীলগিৰি (গতানুগতিক চাহ)ৰ লগত মিহলি কৰিব নোৱাৰে ৷
নৰ্থইষ্ট ইষ্ট টি এছ’চিয়েশ্যন (নেটা)ৰ উপদেষ্টা বিদ্যানন্দ বৰকটকীয়ে কয় “নেপালে শেহতীয়াকৈ চাহ উৎপাদন কৰি আহিছে আৰু ভৌগোলিক সীমাৰেখাৰে পৃথক হ’লেও দাৰ্জিলিং চাহৰ লগত মিল আছে । নেপালত চাহ উৎপাদন তুলনামূলকভাৱে নতুন ৷ ই দাৰ্জিলিঙৰ গতানুগতিক চাহত প্ৰভাৱ পেলাইছে যাৰ আন্তঃৰাষ্ট্ৰীয় জিআই টেগ আছে ৷”
বৰকটকীয়ে কয় যে উত্তৰ বংগৰ ভাৰত-নেপাল সীমান্তৰ নেপালৰ ইলাম এটা প্ৰধান চাহ উৎপাদনকাৰী অঞ্চল। তেওঁ কয় “যিহেতু ভাৰত আৰু নেপাল ভাল প্ৰতিবেশী আৰু মুক্ত বাণিজ্য চুক্তি (এফ টি এ) আছে, সেয়ে নেপালৰ পৰা অহা চাহ আনুষ্ঠানিকভাৱে আৰু অবৈধভাৱে উত্তৰ বংগৰ শিলিগুৰিত প্ৰৱেশ কৰে আৰু তাৰ পিছত অসমলৈ আহে ৷ উজনি অসমৰ গোলাঘাটৰ এটা চাহ কাৰখানাৰ পৰা শেহতীয়াকৈ চাহ ব’ৰ্ডে উদ্ধাৰ কৰিছে নেপাল চাহ। নমুনাসমূহ পৰৱৰ্তী পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অসমত বছৰি ৭০ কোটি কিলোগ্ৰাম চাহ উৎপাদন হয়। তদুপৰি নেপালৰ চিটিচি চাহৰ প্ৰাথমিক মূল্য হৈছে প্ৰতি কিলোগ্ৰামত ৮০ৰ পৰা ১০০ টকাৰ ভিতৰত ৷ সেইদৰে অর্থডক্স চাহৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০ৰ পৰা ৩০০ টকাৰ ভিতৰত ৷ আনহাতে অসম চিটিচিৰ প্ৰাথমিক মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ১৮০ টকা।“ তেওঁ লগতে কয় যে অসম চাহ এক কঠিন পৰিৱেশৰ মাজেৰে পাৰ হৈ গৈছে ৷ এই বছৰ উৎপাদিত ৫০%তকৈ অধিক চাহ এই বছৰ গুদামত বিক্ৰী নোহোৱাকৈ পৰি আছে। অসমত প্ৰায় ৮০০ খন ডাঙৰ চাহ বাগিচা আৰু ডেৰ লাখৰো অধিক সৰু চাহ খেতিয়ক আছে। এই চাহ বাগিচাসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ২০ লাখতকৈ অধিক শ্ৰমিক নিয়োজিত হৈ আছে।
‘নেপালৰ চাহ অসম চাহ হিচাপে অনৈতিক ৰপ্তানি কৰা কার্য পৰীক্ষা কৰাটো প্ৰয়োজন। আনকি এক কোটি কিলোগ্ৰাম নেপালৰ চাহ অসমৰ বজাৰত প্ৰৱেশ কৰিলেও অসমৰ চাহ উদ্যোগৰ অৰ্থনীতি বিপন্ন কৰিবলৈ যথেষ্ট।’- বৰকটকীয়ে লগতে কয়। বৰকটকীয়ে কয় যে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টো ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰি চূড়ান্ত অধিসূচনা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে ।