মণিপুৰত বন্ধ হোৱা নাই হিংসাত্মক পৰিস্থিতি ৷ বৃহস্পতিবাৰে গভীৰ নিশা পুনৰ উত্তপ্ত হৈ পৰে ৰাজ্যৰ ৰাজধানী ইম্ফল। ইম্ফলৰ মাজমজিয়াত সমবেত হোৱা ৰাইজক ছত্ৰভংগ দিবলৈ সেনাই কন্দুৱা গেছ নিক্ষেপ কৰে। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, মণিপুৰৰ কাংপোকপি জিলাত গুলীয়াই হত্যা কৰা এজন প্ৰাক্তন নৌসেনাৰ বিষয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইম্ফলত সমবেত হয় প্ৰতিবাদকাৰী। মহিলাসকলে সমাৱেশৰ নেতৃত্ব দিছিল। প্ৰথমে বিষয়াজনৰ মৃতদেহ ইম্ফলৰ জনবহুল খোৱাইৰমবন্দ বজাৰলৈ অনা হ’ল। পিছত উন্মাদ ৰাইজে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সন্মুখলৈ মৃতদেহটো লৈ সমদল কৰাৰ হুংকাৰ দিয়ে। পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰে লোকসকলে ৷ ইয়াৰ পিছতে সেই স্থানত উপস্থিত হয় সেনা-আৰক্ষী। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নৌসেনাৰ বিষয়াজনৰ মৃতদেহ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ মর্গলৈ প্ৰেৰণ কৰা হয়।
বৃহস্পতিবাৰে পুৱা মণিপুৰৰ এখন গাঁৱত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে কোনো প্ৰৰোচনা নোহোৱাকৈ সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে। সেনাই উত্তৰত গুলী চলালে। যদিও এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই ৷ গুলীয়াগুলীত কেইবাজনো দুষ্কৃতিকাৰী নিহত হোৱা বুলি আশংকা কৰা হৈছে ৷
বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ টুইটাৰ হেণ্ডেল ‘স্পিয়াৰ কৰ্পছ’ৰ বাতৰি অনুসৰি মণিপুৰৰ হাৰাওথেল গাঁৱত টহল দি থকাৰ সময়তে অচিনাক্ত আক্ৰমণকাৰীয়ে পুৱাই সেনা বিষয়াৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনাৰ মতে, প্ৰত্যুত্তৰত তেওঁলোকে গুলীচালনা কৰে। অঞ্চলটোত বৃহৎ সংখ্যক লোক সমবেত হোৱা বুলিও সেনাই অৱগত কৰে। পিছত সন্ধিয়া সেনাই জনসমাগমক নিয়ন্ত্ৰণলৈ আনে ৷
মন কৰিবলগীয়া যে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী মণিপুৰত উপস্থিত হৈছিল ৷ অৱশ্যে ৰাজ্যৰ চুৰাচান্দপুৰ জিলাৰ বিষ্ণুপুৰ অঞ্চলত তেওঁৰ কনভয়ক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে আক্ৰমণৰ আশংকাত কংগ্ৰেছ নেতাৰ কনভয় বন্ধ কৰি দিয়া হৈছিল। কিন্তু পিছত হেলিকপ্টাৰেৰে চুৰাচান্দপুৰ জিলালৈ যায়। ৰাহুলে শৰণাৰ্থী শিবিৰত ল’ৰা-ছোৱালীৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷
প্ৰসংগক্ৰমে মণিপুৰত ডেৰমাহতকৈও অধিক সময় ধৰি চলি থকা অবিৰত হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিছে । যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল।
ইতিমধ্যে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ বিভিন্ন সংগঠনে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ওপৰত অবিশ্বাস প্ৰকাশ কৰিছে। আনকি পৃথক ৰাজ্যৰ দাবীও উত্থাপন কৰিছে কুকিসকলে।