গুৱাহাটী, ৯ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ আয়ুস সঞ্চালকালয় আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত অষ্টম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ সৈতে সংগতি ৰাখি কালি ডিমৰীয়াত ‘কৃষকৰ বাবে আয়ুৰ্বেদ’ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ কাৰ্যসূচীত ঔষধি গছৰ পুলি প্ৰদৰ্শন কৰাৰ লগতে উপস্থিত কৃষকক এনে পুলি বিতৰণ কৰা হয়৷
মুখ্য বন সংৰক্ষক আৰু ৰাজ্যিক ঔষধি উদ্ভিদ পৰিষদৰ সদস্য সচিব চি ৰমেশ, চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডাঃ ৰূপৰেখা দত্ত, কিৰাত বায়’টেক প্ৰাইভেট লিমিটেডৰ সঞ্চালক প্ৰমিলা চৌধুৰী সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষকসকলক ঔষধি গছ চিনাক্তকৰণ, ইয়াৰ ব্যৱহাৰ, প্ৰয়োজনীয়তা, কেনেদৰে ইয়াৰ খেতি কৰিব পাৰি, ব্যৱসায়িক গুৰুত্ব আদি বিষয়ত বিতংককৈ ব্যাখ্যা কৰে৷
কাৰ্যসূচীত বন বিষয়া চি ৰমেশ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত সংগীতা দেৱী, চৰকাৰী আযুৰ্বেদিক কলেজৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আয়ুসৰ জিলা নোডেল বিষয়া ডাঃ কৰবী হাজৰিকাই সকলোকে কাৰ্যসূচীলৈ আদৰণি জনায়৷