জনতা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উক্ত সিদ্ধান্ত অনুসৰি এ পি ডি চি এলক ঋণৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত ল’লে চৰকাৰে. তাৰোপৰি ই ভি এমত হ’ব পৌৰ নিগম নিকায়ৰ নিৰ্বাচন আনহাতে চূড়ান্ত কৰা হ’ল অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাপ্ৰাপকৰ নাম ৷
কেবিনেট বৈঠকৰ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰি কয় যে এইবাৰ ৰাজ্যখনত হ’বলগীয়া পৌৰ নিগম নিকায়ৰ নিৰ্বাচন বেলট পেপাৰৰ পৰিৱৰ্তে ই ভি এমৰ দ্বাৰা অনুষ্ঠিত কৰা হ’ব৷আনহাতে এই বৈঠকতে অসম চৰকাৰে এ পি ডি চি এলক ঋণ আৰু অনুদান হিচাপে আগবঢ়োৱা সমূদায় ধন অসম চৰকাৰৰ অংশলৈ পৰিৱৰ্তন কৰে আৰু সূত হিচাপে থকা ৯৩০.৯১ কোটি টকা ৰেহাই দি এ পি ডি চি এলক ঋণমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
আনহাতে এই বৈঠকতে অসম বৈভৱ ,অসম গৌৰৱ আৰু অসম সৌৰভ বঁটাপ্ৰাপক সকলৰ নাম সমূহো ঘোষণা কৰা হয়৷