শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান ৷ পাকিস্তান টেহৰিক ই – ইনছাফ দলৰ মুৰব্বী খানৰ বিৰুদ্ধে ৰুজু হৈছে সন্ত্ৰাসবাদী কার্যকলাপত জড়িত থকাৰ গোচৰ ৷ ইছলামবাদ সদৰৰ দণ্ডাধীশ আলী জাভেদৰ অভিযোগৰ ভিত্তিত দলটোৰ মুৰব্বীৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ গোচৰ ৰুজু কৰা হৈছে ৷ সংযুক্ত ৰাজধানীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ জেবা চৌধুৰীক ভাবুকি দিয়াৰ অভিযোগত ইমৰাণ খানৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে ৷ এফ ৯ পাৰ্কত দলীয় ৰেলীত ইমৰাণ খানৰ ভাষণৰ পিছত শনিবাৰে নিশা ১০ বজাত মাৰ্গলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।
ইফালে খানক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগে লগে দলীয় কর্মী আৰু সমর্থকসকলক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে পাকিস্তান তেহৰিক-ই-ইনছাফৰ সদস্যসকলে৷ দলটোৰ জ্যেষ্ঠ নেতা ফৱাদ চৌধুৰীয়ে দলীয় কৰ্মীসকলক প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাণী গালা বাসগৃহত উপস্থিত হ’বলৈ অনুৰোধ জনাইছে।
দলটোৰ উপাধ্যক্ষ শ্বাহ মাহমুদ কুৰেশ্বীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দলৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে ৷ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰিলে দললীয় সদস্যসকলক প্ৰতিবাদ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ আনহাতে, আৰক্ষীয়ে ইমৰাণ খানৰ বাণী গালা বাসগৃহলৈ যোৱা পথসমূহ অৱৰোধ কৰাৰ লগতে অকৰ্তৃত্বশীল লোকক এই পথসমূহৰ মাজেৰে যাতায়ত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ আৰক্ষীয়ে পথসমূহ ছীল কৰিবলৈ কাঁইটীয়া তাঁৰ স্থাপন কৰাৰ বিপৰীতে সীমান্ত বাহিনীৰ বৃহৎ সংখ্যক জোৱান মোতায়েন কৰি ইমৰাণ খান চ’কৰ ষ্ট্ৰীট লাইট বন্ধ কৰি দিয়ে।
ইফালে, ইছলামাবাদত এক ভাষণত ইছলামাবাদ আৰক্ষীৰ এগৰাকী বিষয়া আৰু এগৰাকী মহিলা দণ্ডাধীশক ভাবুকি দিয়াৰ বাবে ইমৰাণ খানৰ লাইভ ভাষণ সম্প্ৰচাৰ নিষিদ্ধ কৰিছে পাকিস্তানৰ মিডিয়া ৰেগুলেটৰী অথৰিটিয়ে।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শনিবাৰে সন্ধিয়া এক জনসভাত এজন ন্যায়াধীশ আৰু দুজন শীৰ্ষ আৰক্ষী বিষয়াক ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। ইমৰাণ খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইন (এটিএ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷