গ্ৰেপ্তাৰ হ’ব নেকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ? গাদীচ্যুত হোৱাৰ পাছতে ক্ৰমাৎ ইমৰাণ খানক গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ আনকি পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই সম্ভাৱনা ৷ দেশখনৰ মন্ত্ৰী ৰানা ছানাউল্লাই কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।
‘দ্য নিউজে’ প্ৰকাশ কৰা অনুসৰি দেওবাৰে ৰানাই কয় যে ইমৰাণ খানৰ বিৰুদ্ধে সংঘর্ষ , ৰাষ্ট্ৰদ্ৰোহ, বিশৃংখলতা আদিকে ধৰি দুই ডজনৰো অধিক গোচৰত অভিযুক্ত কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাণী গালা বাসগৃহৰ বাহিৰত নিৰাপত্তাৰক্ষীয়ে জামিন শেষ হ’লেই তেওঁক গ্ৰেপ্তাৰ কৰিব। তেওঁ কয়-“মানুহক উচটনি দিয়া , নৈতিক আৰু গণতান্ত্ৰিক মূল্যবোধক সম্পূৰ্ণ অৱজ্ঞা কৰা, বিৰোধীসকলক বিশ্বাসঘাতক বুলি অভিহিত কৰি গণতান্ত্ৰিক সমাজত ৰাজনৈতিক দলৰ মুৰব্বী কেনেকৈ হ’ব পাৰি?”
পেছাৱাৰ উচ্চ ন্যায়ালয়ে ২ জুনত পাকিস্তানী ৫০ হাজাৰ টকাৰ জামিন বণ্ডত ইমৰাণ খানক তিনি সপ্তাহৰ ট্ৰেনজিট জামিন প্ৰদান কৰে। পাকিস্তান মুছলিম লীগ-নৱাজে দাবী কৰিছে যে পাকিস্তান তেহৰিক-ই-ইনছাফ চৰকাৰৰ কাৰ্যকালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান, তেওঁৰ পত্নী বাছৰা বিবি আৰু তেওঁৰ বন্ধু ফাৰাহ গগীয়ে “কোটি কোটি” টকা আত্মজসাৎ কৰিছিল ৷