টোছাখানা গোচৰত দোষী সাব্যস্ত হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। ইছলামবাদৰ এখন আদালতে শনিবাৰে পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পাকিস্তানৰ আইন অনুসৰি এই আদালতৰ ৰায়দানৰ ফলস্বৰূপে তেওঁ অহা পাঁচ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব ৷ আদালতৰ ৰায়দানৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
এইবাৰ পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিভিন্ন জনমত সমীক্ষাত দেখা গ’ল যে মুছলিম নৱাজ-পাকিস্তান পিপলছ পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে ইমৰাণৰ জনপ্ৰিয়তা পুনৰ বৃদ্ধি পাইছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে এই ৰায়দানৰ ফলত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ নিৰ্বাচনী ‘পিটচ’লৈ ‘প্ৰত্যাৱৰ্তন’ অনিশ্চিত হৈ পৰিছে বুলি অনুমান কৰা হৈছে।
যোৱা বছৰ ইমৰানে ক্ষমতা হেৰুৱাৰ পিছতে আৰম্ভ হৈছিল টোছাখানা গোচৰ। ডুবাইৰ এজন ব্যৱসায়ীয়ে দাবী কৰিছে যে তেওঁ ইমৰাণ খানৰ ঘড়ীটো ২০ লাখ ডলাৰত কিনিছিল। ব্যৱসায়ীজনে কয় যে ২০১৯ চনত যেতিয়া পাকিস্তানত ইমৰাণৰ দলৰ ক্ষমতা আছিল তেতিয়া ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছালমানে তেওঁক এই বহুমূলীয়া ঘড়ীটো উপহাৰ দিছিল।
এই অভিযোগৰ পাছতেই পাকিস্তানৰ নিৰ্বাচন আয়োগে ইমৰানক ৫ বছৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত নিষেধাজ্ঞা আৰোপ কৰে। ইমৰানে যোৱা অক্টোবৰ মাহত ইছলামবাদ উচ্চ ন্যায়ালয়ত আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল যদিও আদালতে সেই সিদ্ধান্ত নাকচ কৰি বিচাৰপ্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ কয়।