পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে কেইবাটাও গোচৰত জামিন লাভ কৰাৰ পিছতো সকাহ নাপালে। আল কাদিৰ ট্ৰাষ্টৰ গোচৰত বৃহস্পতিবাৰে তেওঁক পুনৰ চমন কৰে নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰোৱে। সেই দেশৰ সংবাদ মাধ্যম জিঅ’ নিউজৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷
যোৱা ৯ মে’ত ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ পিছত পাকিস্তান প্ৰশাসনে তেওঁৰ দল পিটিআইক হিংসাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। সেই গোচৰৰ জামিন বিচাৰি ইমৰানে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। সেই গোচৰৰ লগতে আন কেইবাটাও গোচৰত আদালতে তেওঁক ৮ জুনলৈকে জামিন প্ৰদান কৰে। জামিনৰ সময়সীমা শেষ হোৱাৰ আগতেই পুৰণি গোচৰটোত ইমৰাণক পুনৰ চমন কৰা হয়। ইয়াৰ পূৰ্বে ইমৰানে অভিযোগ কৰিছিল যে দেশৰ সেনাই তেওঁক দহ বছৰৰ কাৰাদণ্ডৰ পৰিকল্পনা কৰিছে।
৯ মে’ত অভিযুক্ত ইমৰানে আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত জামিন বিচাৰি ইছলামবাদ উচ্চ ন্যায়ালয়লৈ গৈছিল। সেই সময়ত তেওঁক পাক অৰ্ধসামৰিক ৰেঞ্জাৰে আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে যোৱা বৃহস্পতিবাৰে ইমৰাণ খানৰ গ্ৰেপ্তাৰক ‘অবৈধ’ বুলি অভিহিত কৰে। ন্যায়পালিকাৰ দুৱাৰমুখলৈ গৈ আদালত চৌহদৰ পৰা কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি মুখ্য ন্যায়াধীশ উমৰ আটা বন্দিয়ালে অৱগত কৰে। ইয়াৰ পিছত তেওঁক মুকলি কৰি দিয়া হয় ৷