ভাৰত নহয় এখন আন দেশ যি দেশত আছে এক বিশাল আকৃতিৰ বিষ্ণুমূৰ্তি ৷অৱশ্যে বিশ্বৰ এখন লেখত ল’বলগীয়া মুছলমান দেশ ৰূপে পৰিগণিত ইণ্ডোনিছিয়াৰ বালিৰ প্ৰায় প্ৰতিটো গলিতে আছে হিন্দু দেৱতাৰ মন্দিৰ ৷
বিশ্বৰ সৰ্ববৃহৎ মুছলমান প্ৰধান দেশ ইণ্ডোনেছিয়া। এই ইণ্ডোনেছিয়াৰ বালিত আছে নিজৰ বহন গৰুড়ৰ বহি থকা সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্য ভগৱান বিষ্ণুৰ এক বিশাল প্ৰতিমূৰ্তি ৷ যি হ’ল ইণ্ডোনেছিয়াৰ বালি চহৰৰ আটাইতকৈ ডাঙৰ পৰ্যটনস্থলী। প্ৰতি বছৰে এই দ্বীপটো চাবলৈ প্ৰায় ২ কোটি লোক ইয়ালৈ আহে।
ইয়াত বিশ্বৰ ১২.৭% মুছলমান লোকে বাস কৰে। আনহাতে ইণ্ডোনেছিয়াৰ ৯০% হিন্দু জনসংখ্যা বালিত বাস কৰে। বালি ইণ্ডোনেছিয়াৰ অন্যতম উন্নত অঞ্চল, ইয়াৰ জনসংখ্যাৰ মাত্ৰ ৫%হে দৰিদ্ৰ সীমাৰেখাৰ তলত,আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ হাৰ মাত্ৰ ১২%। উল্লেখনীয় যে বালিৰ প্ৰায় প্ৰতিটো গলিতে হিন্দু দেৱতাৰ মন্দিৰ আছে।
বালিত অৱস্থিত এই বিশাল আকৃতিৰ মূৰ্তিৰ উচ্চতা ৭৫ মিটাৰ। উংগাছান পাহাৰৰ ওপৰত থকা কেনকানা সাংস্কৃতিক উদ্যানত প্ৰতিষ্ঠিত এই মূৰ্তি। ইয়াৰ ভেটিৰ সৈতে ইয়াৰ সৰ্বমুঠ উচ্চতা ১২১ মিটাৰ, যি পৃথিৱীৰ আটাইতকৈ ওখ তামৰ মূৰ্তি ৰূপে পৰিগণিত হয়। যাৰ ফলত ই পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ মূৰ্তি হিচাপে পৰিগণিত হ’ব।
এই ইণ্ডোনেছিয়াত ধৰ্মান্তৰিত হোৱা ভালেসংখ্যক হিন্দু আছে। ১৯৬০-৭০ৰ দশকত ইয়াৰ চুবুৰীয়া জাভা দ্বীপৰ বহু লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে। হিন্দুত্বৰ কথা ক’বলৈ গ’লে ইণ্ডোনেছিয়াত গৰুড় এয়াৰলাইন্স আছে যাক ভগৱান বিষ্ণুৰ বাহনৰ নামেৰে নামকৰণ কৰা হৈছে।
আনহাতে দেশৰ নোটত বনোৱা হৈছে ভগৱান গণেশৰ ছবি । যদিও ইণ্ডোনেছিয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশ, তথাপি ইয়াত বহু ধৰ্মাৱলম্বী লোক একেলগে থাকে।কিন্তু ইণ্ডোনেছিয়াই এতিয়াও নিজৰ পুৰণি সংস্কৃতি পাহৰা নাই। ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ এইটোৱেই যে ২০১৩ চনত আমেৰিকাত থকা ইণ্ডোনেছিয়াৰ দূতাবাসত দেৱী সৰস্বতীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল।