দক্ষিণ জাপানৰ এখন অদ্ভুত নাৰ্চিং হোম ৷ নাম ইচোয়ান নাৰ্চিং হোম ৷ ৯ লাখ ৪০ হাজাৰ লোকৰ বাসস্থান কিটাকিউছুত এই নার্ছিং হোম খন অৱস্থিত ৷ নার্চিংহোমখনত প্ৰৱেশ কৰিলে আপুনি আগতে কেতিয়াও নেদেখা দৃশ্য প্ৰত্যক্ষ কৰিব ৷ কিয়নো এই নার্ছিংহোমত আছে শিশু কর্মচাৰী ৷ যিসকলৰ বয়স ৪ বছৰতকৈয়ো কম ৷ আপুনি হয়তো ভাবিবলৈ বাধ্য হৈছে যে চাৰি বছৰতকৈয়ো কম বয়সৰ শিশুসকলে কি কাম কৰিব ৷ নার্ছিং হোমখনত থকা একাংশ বৃদ্ধ লোকক মানসিক শান্তি প্ৰদান কৰিবলৈ তেওঁলোকৰ লগত খেলাধুলা অথবা মত বিনিময় কৰিবলৈ নিয়োগ কৰা হয় এই শিশুসকলক ৷
জাপানত পৰিয়ালসমূহ সৰু হৈ অহাৰ লগে লগে বৃদ্ধ লোকসকলক অধিক অকলশৰীয়া হৈ পৰিছে ৷ যাৰ বাবে এই শিশুসকলৰ সৈতে মত বিনিময় কৰি বৃদ্ধ আৱাসীসকলৰ প্ৰজণ্মৰ মাজত সৃষ্টি হোৱা ব্যৱধান নাইকিয়া কৰিবলৈ চেষ্টা কৰা হৈছে ৷
এবছৰতকৈও অধিক সময় ধৰি নাৰ্চিং হোমত বাস কৰা ৮৫ বছৰীয়া কিয়’কো নাকানোৱে কয় ‘মই মোৰ নাতি-নাতিনীক বেছিকৈ লগ নাপাওঁ ৷ গতিকে কেঁচুৱা কৰ্মীসকল মোৰ বাবে এক সুন্দৰ উপহাৰ। টিভি চাই ভাল পোৱা মহিলাগৰাকীয়ে শিশুসকল অহাৰ লগে লগে তেওঁলোকৰ সৈতে সময় কটাবলৈ তেওঁ আন সকলো কাম এৰি দিয়ে বুলিও কয়।
তেওঁ কয় -“তেওঁলোক অতি মৰমলগা ৷ তেওঁলোক অহাৰ লগে লগে গোটেই ঠাইখন উজ্জ্বল হৈ উঠে ৷” জাপানত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে নাৰ্চিং হোমৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। জাপান চৰকাৰৰ মতে, ২০০৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত এনে পৰিয়ালৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই ১৮ লাখ হৈছে।
নাৰ্চিং হোমৰ বাসিন্দাসকলক শিশুৰ সৈতে মত বিনিময় কৰিবলৈ দিয়াৰ ধাৰণাটো নতুন নহয়। ছিয়াটলত, প্ৰভিডেন্স মাউণ্ট ছেইণ্ট ভিনচেণ্টৰ বাসিন্দাসকলে ১৯৯১ চনৰ পৰা নৱজাতকৰ পৰা ৫ বছৰীয়া শিশুৰ বাবে শিশুৰ দ্বাৰা যত্ন লোৱা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷
নাৰ্চিং হোমৰ সঞ্চালিকা কিমি গণ্ডো (৫৮)য়ে জনোৱা মতে, ইচোয়ানৰ ১২০ জন বাসিন্দাৰ ভিতৰত আটাইতকৈ বয়সীয়ালজনৰ বয়স ১০১ বছৰ। আনহাতে আটাইতকৈ সৰু শিশু কর্মীজনৰ বয়স হৈছে ২ মাহ ৷
গণ্ডোৱে কয় যে যোৱা বছৰ তেওঁৰ নৱজাত নাতিনীয়েকক লগত লৈ কামলৈ লৈ যোৱাৰ সময়ত তেওঁ এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হৈছিল ৷ বাসিন্দাসকলে তেওঁক পায় হাহিঁ ধেমালি কৰাৰ পাছতে শিশু কর্মচাৰী নিযুক্তিৰ সিদ্ধান্ত তেওঁ গ্ৰহণ কৰে ৷
তেওঁ কয় “মই ভাবিছিলো যে কেৱল মোৰ নাতিনীকহে এই বিশেষ সময় উপভোগ কৰিবলৈ দিয়াটো স্বাৰ্থপৰতা ৷ গতিকে আমি সিদ্ধান্ত লৈছিলো যে যিকোনো কেঁচুৱাই একে কাম কৰিবলৈ আহিব বিচাৰিলে তেওঁলোকক সুবিধা প্ৰদান কৰিম ৷ “শিশুসকলক নাৰ্চিং হোমত ঘূৰি ফুৰিবলৈ কোৱা হয় আৰু বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰিবলৈ দিয়া হয় ৷অভিভাৱকসকলে কেঁচুৱাবোৰক চলাচল কৰাত সহায় কৰে।
এটি শিশুৰ মাতৃ মিকা শ্বিনতানি (৩১)য়ে কয় যে তেওঁ নিজৰ ছোৱালীক নার্ছিং হোমখনলৈ লৈ আহিছিল কাৰণ তেওঁ বিচাৰিছিল যে শিশুটি নিজৰ ওচৰৰ পৰিয়ালৰ বাহিৰেও আন মানুহৰ সন্মুখীন হওক। লগতে কয় যে পাৰ্ক বা বন্ধুৰ ঘৰলৈ লৈ যোৱাতকৈ নাৰ্চিং হোমলৈ আহি তেওঁ বেছি সন্তুষ্টি অনুভৱ কৰে।