বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ৷ প্ৰচণ্ড বৰষুণে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ উটুৱাই লৈ যায় যাৰ বাবে এখন জিলাৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
জানিব পৰা মতে, মঙলবাৰে নিশাৰ পৰা ৰাজ্যৰ দিবাং উপত্যকাত বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে। সেই অঞ্চলৰ মাজেৰে ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷ এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে দিবাং উপত্যকাক সমগ্ৰ অৰুণাচলৰ সৈতে সংযোগ কৰে। কিন্তু অবিৰত বৰষুণৰ বাবে পাহাৰৰ পৰা নামি অহা ঢলে ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ হুনলী আৰু অনিনিৰ মাজত উটুৱাই লৈ যায় । যাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তসমূহৰ সৈতে দিবাঙৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দিবাং চীনৰ সীমান্তৱৰ্তী অৰুণাচলৰ এখন জিলা। ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে পথটো খহি পৰাৰ খবৰ পোৱাৰ পাছতেই পথটো মেৰামতিৰ কাম আৰম্ভ কৰে৷ স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ জাহ যোৱাৰ বাবে আপাততঃ যাতায়ত বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনৰ মতে, দিবাং বিচ্ছিন্ন হ’লেও খাদ্য বা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে বিশেষ সমস্যা হোৱা নাই । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটো ক্ষিপ্ৰতাৰে মেৰামতি কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে এনএইছআইডিচিএলে ৷ এই ৰাষ্ট্ৰীয় ঘাইপথটো অতি গুৰুত্বপূৰ্ণ। কেৱল দিবাংবাসীয়েই নহয়, এই পথটো সেনাবাহিনীৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সেই পথছোৱা আগন্তুক তিনিদিন ধৰি বন্ধ থাকিব।