দেশৰ চতুর্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত অসমৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে ধর্ষণৰ অভিযোগ ৷ তোলনীয়া কন্যা শিশুক ধর্ষণৰ অভিযোগ উত্থাপিত হৈছে এইগৰাকী পদ্মশ্ৰী প্ৰাপকৰ বিৰুদ্ধে ৷ ইতিমধ্যে ব্যক্তিগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু পচক’ আইনৰ বিভিন্ন ধাৰাৰ অধীনত এই সন্দর্ভত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে ৷ জানিব পৰা মতে যোৱা ১৭ ডিচেম্বৰত জিলা আইনী সেৱা প্ৰাধিকৰণ (ডিএছএলএ)-এ কন্যা শিশুগৰাকীক কৰা যৌন নির্যাতন সন্দর্ভত মুখ্য ন্যায়িক দণ্ডাধীশক অৱগত কৰে ৷ ইয়াৰ পিছতে মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে ব্যক্তি গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ অৱশ্যে আৰক্ষীয়ে গোচৰটোৰ সন্দর্ভত এতিয়াও বিশেষ তথ্য প্ৰকাশ কৰা নাই ৷ গোচৰটো আদালতৰ বিচৰাধীন হৈ থকাৰ লগতে তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷
উল্লেখ্য যে গোচৰ ৰুজু হোৱাৰ পাছতে পদ্মশ্ৰী সন্মান প্ৰাপক গৰাকীয়ে অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ বিভিন্ন দিশ বিবেচনা কৰি উচ্চ ন্যায়ালয়ে তেওঁৰ অগ্ৰিম জামিন যোৱা ২৮ ডিচেম্বৰত প্ৰদান কৰিছে যদিও কেইবাটাও চর্ত বান্ধি দিছে ৷ সেই অনুসৰি সংশ্লিষ্ট আৰক্ষীৰ অনুমতি অবিহনে তেওঁ এৰিব নোৱাৰিব নিজৰ অঞ্চল ৷ এসপ্তাহৰ ভিতৰত আৰক্ষীৰ ওচৰত জৱানবন্দী প্ৰদান কৰাৰ লগতে তেওঁ তদন্তকাৰী বিষয়াই বিচৰাৰ লগে লগে হাজিৰ হ’ব লাগিব ৷
ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ আদলতে এই অভিযোগ গুৰুতৰ বুলি অভিহিত কৰি অহা ৭ জানুৱাৰীত কেছ ডায়েৰী দাখিল কৰিবলৈ নির্দেশ দিছে ৷ ইতিমধ্যে অভিযুক্তই জৱানবন্দী প্ৰদান কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ ভুক্তভোগীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি পদ্মশ্ৰী প্ৰাপক জনৰ তত্বাৱধানত থকাৰ সময়ত বিগত এবছৰ ধৰি যৌন নিৰ্যাতন কৰি আহিছে ৷বর্তমান ভুক্তভোগী শিশুটিক বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত শিশু গৃহত ৰখা হৈছে ৷ । আনহাতে,
এজাহাত উল্লেখ কৰা অনুসৰি ভুক্তভোগী শিশুটিক অভিযুক্তজনৰ জিম্মাত ২০২০ চনৰ আগষ্ট মাহত এবছৰৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ চর্ত অনুসৰি এবছৰৰ মুৰত তেওঁ শিশুটিক পুনৰ চি ডব্লিউ চিৰ ওচৰত হাজিৰ কৰিব লাগিছিল ৷ কিন্তু বাৰম্বাৰ মনত পেলাই দিয়াৰ পাছতো তেওঁ নির্দিষ্ট সময়ত শিশু দুটি হাজিৰ কৰা নাছিল ৷ চলিত বর্ষৰ ২৮ অক্টোবৰত শিশু দুটি চি ডব্লিউ চিৰ ওচৰত হাজিৰ কৰে যদিও পুনৰ অভিযুক্তজনৰ অধীনত প্ৰেৰণ কৰাৰ বিপৰীতে তেওঁলোকক শিশু গৃহলৈ প্ৰেৰণ কৰা হৈছিল ৷ চিডব্লিউচিৰ সদস্যসকলে যোৱা ৩০ নৱেম্বৰত ভুক্তভোগীৰ ভাষ্যৰ ভিত্তিত ডিএছএলএক অইনী সাহার্য্য প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰ পাছতে ডি এছ এল এই সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তদন্ত আৰম্ভ কৰে য’ত পোহৰলৈ আহে এই যৌন নির্যাতনৰ ঘটনা ৷