ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱাৰ পাছত আজি ছাকেট আদালতে শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাৰী আফতাব পুনাৱালাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ আৰু চাৰিদিনলৈ বৃদ্ধি কৰে। আজি তেওঁৰ পাঁচদিনীয়া জিম্মাৰ ম্যাদ উকলি যোৱাৰ বাবে তেওঁক আদালতত হাজিৰ কৰোৱা হয় ৷
নিজৰ লগত বাস কৰা প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰাৰ অভিযোগত অভিযুক্ত আফতাব আমিন পুনাৱালাই আজি দিল্লীৰ আদালতত স্বীকাৰ কৰে যে তেওঁ সেই মুহুর্তৰ উত্তেজনাত তেওঁক হত্যা কৰিছিল। আফতাবে লগতে অভিযোগ কৰে যে তেওঁৰ বিষয়ে এতিয়া যিবোৰ কোৱা হৈছে সেয়া সম্পূৰ্ণ সত্য নহয়।
২৮ বছৰীয়া আফতাবে কয় যে তেওঁ আৰক্ষীৰ সৈতে সহযোগিতা কৰি আহিছে আৰু মতদেহৰ বিভিন্ন অংশ পেলোৱা ঠাইৰ মানচিত্ৰও প্ৰদান কৰিছে । তেওঁ আদালতক আশ্বাস দিয়ে যে তেওঁ সকলো সবিশেষ প্ৰদান কৰিব ৷ কিন্তু হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত বহুদিন উকলি যোৱাৰ বাবে কিছুমান কথা মনত পেলাব পৰা নাই বুলিও তেওঁ আদালতক জনায় ৷
আফতাবৰ অধিবক্তা অবিনাশে কয় যে তদন্তকাৰী বিষয়াই আফতাবৰ পৰা এটা পুখুৰীৰ চিত্ৰ পোৱা বুলি সদৰী কৰি অধিক দিন জিম্মা বিচাৰিছিল য’ত তেওঁলোকে আফতাবক অধিক তদন্তৰ বাবে লৈ যাব বিচাৰে। তেওঁ লগতে , “আফতাবে আৰক্ষীক সহযোগ কৰিছে আৰু আৰক্ষীয়েও তেওঁক ভাল ব্যৱহাৰ কৰিছে। অফতাবে তেওঁলোকক বিপথে পৰিচালিত কৰা নাই বা মিছা কথা কোৱা নাই। আৰক্ষীয়েও আদালতত তেওঁৰ দাবীক নাকচ কৰা নাছিল।”
জেৰাৰ সময়ত আফতাবে প্ৰকাশ কৰা অনুসৰি শ্ৰদ্ধাৰ মৃতদেহ কাটিবলৈ ব্যৱহাৰ কৰা কটাৰী আৰু ব্লেডখন গুৰুগ্ৰামৰ বননিত পেলাই দিছিল ৷ দিল্লী আৰক্ষীৰ এটা দলে সেই বননিবোৰ দুবাৰকৈ পৰীক্ষা কৰিছে।
তদন্তৰ প্ৰথম দিনটোৰ অন্তত যোৱা শুকুৰবাৰে দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামৰ বননিৰ পৰা কিছু প্ৰমাণ সংগ্ৰহ কৰে যিসমূহ তদন্তৰ বাবে কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। দ্বিতীয় দিনা অৰ্থাৎ যোৱা শনিবাৰে দিল্লী আৰক্ষী মেটেল ডিটেক্টৰ লৈ গুৰুগ্ৰামলৈ গৈছিল যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে ৷
দেওবাৰে আৰক্ষীয়ে মেহৰৌলী বনাঞ্চলৰ পৰা আৰু অধিক মানৱ অৱশিষ্ট উদ্ধাৰ কৰিছিল। এতিয়ালৈকে তেওঁলোকে শ্ৰদ্ধাৰ পিতৃৰ ডি এন এৰ নমুনাৰ সৈতে মিলাবলৈ ফৰেনছিক পৰীক্ষাৰ বাবে ৮ডাল হাড় প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় ফৰেনছিক পৰীক্ষাগাৰে এসপ্তাহ বা দুসপ্তাহৰ পিছত এই প্ৰতিবেদন প্ৰদান কৰিব ৷
যোৱা সপ্তাহত আৰক্ষীয়ে আফতাবৰ ফ্লেটৰ পৰা গধুৰ আৰু চোকা সঁজুলি উদ্ধাৰ কৰিছিল ৷ যিবোৰৰ সহায়ত শ্ৰদ্ধা ৱাকাৰৰ মৃতদেহ কাটি পেলোৱা হ’ব পাৰে বুলি তেওঁলোকে সন্দেহ কৰিছে। আফতাবৰ গুৰুগ্ৰাম কৰ্মস্থলীত এটা গধুৰ ক’লা পলিথিন বেগও উদ্ধাৰ কৰে।
সূত্ৰসমূহে জনোৱা মতে, ছমাহ পুৰণি হত্যাকাণ্ডৰ তদন্ত ফৰেনছিক প্ৰতিবেদন, কল ডাটা আৰু পৰিস্থিতিগত প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল কাৰণ ইয়াৰ কোনো সাক্ষী নাই। দিল্লী আৰক্ষীয়ে আজি আদালতত কয় যে তদন্তৰ ৮০ শতাংশ সম্পূৰ্ণ হৈছে। তদন্তৰ বাবে অহা কেইদিনমান অতি গুৰুত্বপূৰ্ণ, কিয়নো গোচৰটোৰ মূল প্ৰমাণ এতিয়াও তেওঁলোকে লাভ কৰা নাই ৷
আফতাবৰ নাৰ্কো এনালাইছিছ টেষ্ট সোমবাৰে কৰা নহ’ব বুলি ফৰেনছিক ছায়েন্স লেবৰেটৰীয়ে প্ৰকাশ কৰিছে ৷ কিয়নো তাৰ পূৰ্বে তেওঁৰ পলিগ্ৰাফিক টেষ্ট কৰা হ’ব ৷