মণিপুৰত শিলাবৃষ্টি আৰু ধুমুহাই বিপর্যস্ত কৰি তুলিছে জনজীৱন । প্ৰচণ্ড ধুমুহাই ৰাজ্যৰ বৃহৎ অঞ্চলৰ ক্ষতিসাধন কৰিছে। বিঘাৰ পিছত বিঘা কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বহু শস্য ধ্বংস হৈছে।
দেওবাৰে বিয়লিৰ পৰা মণিপুৰত আৰম্ভ হৈছে শিলাবৃষ্টি। নিশালৈকে শিলাবৃষ্টিৰ লগতে প্ৰচণ্ড বতাহে কোবাই যায় ৰাজ্যখন। স্থানীয় লোকে জনোৱা মতে, ইম্ফল উপত্যকাত নিশা প্ৰায় ১:৩০ বজাৰ পৰা ধুমুহা আৰম্ভ হয়। এই ধুমুহাৰ বাবে কোনো সাজু নাছিল। ফলত কৃষিভূমিৰ সৰ্বাধিক ক্ষতি হৈছে। শিলৰ প্ৰভাৱত কেইবা শ বিঘা মাটিৰ শস্য নষ্ট হৈ যায়। আম, কঁঠালৰ দৰে বতৰৰ ফলসমূহো ক্ষতিগ্ৰস্ত হৈছে।
ইম্ফল পশ্চিম জিলাৰ কাঞ্চিপুৰম আৰু তেৰা অঞ্চল ধুমুহাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। বহু ঘৰৰ ক্ষতিসাধন হয়। ধুমুহাই উৰুৱাই নিছে বহু ঘৰৰ টিনৰ চালি ৷ পথত চাইকেল, বাইক বা স্কুটাৰ চলাই থকা বহু লোকে মূৰত আঘাত পাইছে ৷ ৰাস্তাত থিয় হৈ থকা গাড়ীসমূহৰ গ্লাছ বৰফ ভাঙি পেলালে। পথত বহু গছ উভালি পৰাত যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। বিদ্যুতৰ সংযোগো বিচ্ছিন্ন হৈ পৰিছে। শিলাবৃষ্টিৰ পিছত মণিপুৰৰ ৰাজপথত চাৰি-পাঁচ ইঞ্চি ডাঠ শিলৰ তৰপ জমা হৈছে ৷
দুৰ্যোগৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ভুক্তভোগীক সহায়ৰ আশ্বাস দিয়ে। ক্ষতিগ্ৰস্ত ঘৰবোৰ চৰকাৰে মেৰামতি কৰিব বুলিও কয়। যিসকলৰ ঘৰ ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ক্ষতিগ্ৰস্ত ঘৰৰ ছবি স্থানীয় প্ৰশাসনলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।