নেপালত সংঘটিত হৈছে এক শোকাবহ বিমান দুৰ্ঘটনা ৷ ৪জন ভাৰতীয়সহ ২২জন বিমান যাত্ৰীৰ এজনকো উদ্ধাৰ কৰিব পৰা নগ’ল জীৱিত অৱস্থাত ৷ জানিবপৰামতে ঘটনা স্থলীৰ পৰা অৱশিষ্টবোৰ সংগ্ৰহ কৰাৰ সময়ত কেইবাগৰাকীও যাত্ৰীৰ শৰীৰ চিনাক্ত কৰাতো ব্যৰ্থ হৈছে আৰক্ষী।।
দেওবাৰে বেয়া বতৰৰ বাবে নেপালৰ এটা পাহাৰীয়া অঞ্চলত এখন ব্যক্তিগত বিমান দুৰ্ঘটনাত পতিত হৈছিল। দেওবাৰে কিছু প্ৰতিকূল পৰিবেশৰ বাবে অনুসন্ধান বন্ধ কৰিব লগা হোৱাৰ পিছত পুনৰ সোমবাৰে ৰাতিপুৱা অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল।সেয়হে আজি মৃতদেহ উদ্ধাৰ কৰিবলৈ ১৫ জনীয়া নেপালী সৈনিকৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে যি দুৰ্ঘটনাস্থলীৰ উচ্চতা প্ৰায় ১৪,৫০০ ফুট আৰু সেনাৰ দলটোক ১১,০০০ মিটাৰ উচ্চতাত পেলাই দিয়া হৈছে বুলি সেনাৰ মুখপাত্ৰজনে জানিবলৈ দিয়ে।
ইয়াৰ আগতে দেশৰ গৃহ মন্ত্ৰালয়ে কৈছিল যে দুৰ্ঘটনা সন্দৰ্ভত চৰকাৰে সকলো যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰিছিল। “বিমানখনত থকা সকলো যাত্ৰীয়েই প্ৰাণ হেৰুৱাইছে বুলি আমি সন্দেহ কৰিছোঁ। আমাৰ প্ৰাথমিক পৰ্যবেক্ষণ অনুসৰি বিমান দুৰ্ঘটনাৰ পৰা কোনো বাচিব নোৱাৰিলেহেঁতেন, কিন্তু চৰকাৰী বিবৃতি দিয়াৰ কাৰণ আছে,”মুখপাত্ৰ ফাদিন্দ্ৰ মণি পোখৰেলে সংবাদ সংস্থা এএনআইক এনেদৰে কয়।
আনহাতে দুৰ্ঘটনাস্থলীটো চানোচৱেৰ, থাচাং-২, মাষ্টাং বুলি চিনাক্ত কৰা হৈছে ৷ সোমবাৰে ৰাতিপুৱা অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টা পুনৰ আৰম্ভ হোৱাৰ পিছত পাহাৰৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হোৱা ‘তাৰা এয়াৰ বিমানখন’ৰ ধ্বংসাৱশেষৰ পৰা প্ৰথমতে ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। “এতিয়ালৈকে চৈধ্যটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, বাকীবোৰৰ সন্ধান অব্যাহত আছে।
বতৰ বৰ বেয়া কিন্তু আমি এটা দলক দুৰ্ঘটনাস্থলীলৈ লৈ যাবলৈ সক্ষম হৈছিলো। আন কোনো বিমান সম্ভৱ হোৱা নাই,” অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ মুখপাত্ৰ দেও চন্দ্ৰ লাল কৰ্ণে সংবাদ সংস্থা এএফপিক কয়।
“যাত্ৰীসকলৰ কিছুমান মৃতদেহ চিনাক্তকৰাৰ বাহিৰত। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এজন মুখপাত্ৰ টেক ৰাজ সীতাউলাই সাংবাদিকক কয়।
দেওবাৰে ৰাতিপুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱা যাত্ৰীবাহী বিমানখনৰ ধ্বংসাৱশেষৰ টুকুৰা বিমানখন নিৰুদ্দেশ হোৱাৰ প্ৰায় ২০ ঘণ্টাৰ পিছত উত্তৰ-পশ্চিম নেপালৰ মুস্তাং জিলাৰ থাচাঙৰ চানো স্বাৰে ভীৰত ১৪,৫০০ ফুট ওপৰত পোৱা গৈছিল বুলি নেপাল সেনাই কয়।
তাৰা এয়াৰৰ এজন মুখপাত্ৰ সুদৰ্শন বাৰ্তাউলাই এইদৰে কৈছিল: “যিহেতু মৃতদেহবোৰ মুখ্য প্ৰভাৱবিন্দুৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধত সিঁচৰতি হৈ আছে, সেয়েহে অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে সেইবোৰ সংগ্ৰহ কৰি আছে।” এয়াৰলাইনটোৱে যাত্ৰীৰ তালিকা জাৰী কৰিছিল যিয়ে চাৰিজন ভাৰতীয় ক্ৰমে, অশোক কুমাৰ ত্ৰিপাঠী, তেওঁৰ পূৰ্বৰ পত্নী বৈভৱী বান্দেকাৰ (ত্ৰিপথী) আৰু তেওঁলোকৰ সন্তান ধনুষ আৰু ৰিতিকা বুলি চিনাক্ত কৰিছিল।