নগাঁৱৰ কলিয়াবৰ অঞ্চলত দুটা ১১ বছৰীয়া আৰু এটি ৮ বছৰীয়া শিশুৱে ৬ বছৰীয়া কন্যা শিশুক হত্যা কৰাৰ ঘটনাই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফেক্টৰীৰ শৌচাগাৰত মুৰ্মুষ অৱস্থাত উদ্ধাৰ হোৱা কন্যা শিশুটিক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
নগাঁৱৰ এছ পি আনন্দ মিশ্ৰৰ সহযোগত ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে তিনি শিশু অপৰাধীৰ মুখ পোহৰলৈ আহে।
তিনিটা শিশুৱে কন্যা শিশুটিক মোবাইলত থকা পৰ্ন ভিডিঅ’ চাবলৈ দিছিল। কিন্তু কন্যা শিশুটিয়ে মান্তি নোহোৱাত ১১ বছৰীয়া আৰু ৮ বছৰীয়া শিশু তিনিটিয়ে হত্যা কৰে। হত্যা কৰাৰ লগতে হত্যা কাণ্ডক লুকুৱাবলৈ চেষ্টা কৰাৰ ঘটনাই সকলোকে বেছি আচৰিত কৰি তুলিছে।
আমাৰ সমাজত শিশু অপৰাধ নতুন নহয়। প্ৰচাৰ লাভ নকৰিলেও অতীজৰে পৰা শিশুৰ লগত বা শিশুৰ দ্বাৰা অপৰাধ সংঘটিত হৈয়েই আহিছে। এই শিশুসকলক অনুশাসনমূলক আৰু চৰিত্ৰ সংশোধনৰ বাবে থকা বাল সুধাৰ গৃহসমূহ এই ক্ষেত্ৰত উৎকৃষ্ট প্ৰমাণ।
জন্মগতভাৱে কোনো শিশুৱে চৰিত্ৰ লাভ নকৰে। অৱশ্যে বংশগতভাৱে কিছু শাৰিৰীক বৈশিষ্ট্য বা স্বভাৱ শিশুটিয়ে লাভ কৰে। কিন্তু চৰিত্ৰ সম্পূৰ্ণ ঘৰখন আৰু আশে পাশে থকা পৰিৱেশৰ পৰাই লাভ কৰে। তিনিটি শিশু ধ্বংস হোৱাৰ মূল কাৰণ হৈছে সমাজিক পৰিবেশ, বস্তুবাদী সংস্কৃতিৰ সৈতে জড়িত বস্তুবাদী মানসিকতা আৰু সামাজিক মূল্যবোধৰ অভাৱ।
শিশুকেইটিয়ে হয়তো “না” শুনাৰ কোনো পৰিৱেশ লাভ কৰা নাই। কনমানিজনীৰ মুখত “না” শুনাৰ মেল ইগ’ত আঘাত পাই হত্যাকাণ্ড সংঘটিত কৰিলে।
আশ্চৰ্য্যজনক কথাটো হৈছে শিশুকেইটিৰ পৰ্ন ভিডিঅ’ৰ প্ৰতি আসক্তি। বৰ্তমান সকলো শিশুৰে হাতত মোবাইল উপলব্ধ। অভিভাৱকসকল এই ক্ষেত্ৰত কিছু সজাগ হোৱা উচিত। যৌন শিক্ষা পৰ্ন ভিডিঅ’ৰ পৰা বা অন্য উৎসৰ পৰা গ্ৰহণ কৰাৰ আগতেই অভিভাৱকসকলে নিজেই শিকোৱা উচিত।
কালিৰ ঘটনাৰ অভিভাৱকসকল অশিক্ষিত আছিল। শিক্ষাৰ অভাৱত, যাৱতীয় নুন্যতম সা-সুবিধাৰ অভাৱত চাহ জনগোষ্ঠীৰ লোকসকলৰ সামাজিক পৰিৱেশ একেবাৰে অনুন্নত। এনে পৰিবেশত মানৱ সম্পদৰ বিকাশ সহজ নহয়। কিন্তু এনে অনুৰূপ ঘটনা শিক্ষিত সমাজত ঘটি আহিছে। কালিৰ ঘটনাটো কোনোৱে চাহ জনগোষ্ঠীৰ লোকৰ মাজত হৈছিল বুলি কৈ দায় সাৰিব নোৱাৰে।
বৰ্তমান বৰ্দ্ধিত শিশু অপৰাধ এক চিন্তনীয় সমস্যা। জন্মৰে পৰা শিশুৰ চাৰিওকাষৰ পৰিৱেশৰ ওপৰত গুৰুত্ব দিব লাগে। বৰ্তমান কভিদ পৰিস্থিতিৰ বাবে অন লাইন শিক্ষা আৰম্ভ হোৱাৰ ফলত শিশু মোবাইলৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হ’বলৈ ধৰিছে। অভিভাৱকসকলে শিশুৱে কি কৰিছে সেয়া চকু ৰখাটো প্ৰয়োজনীয়।
অজানিতে যাতে শিশুটিৰ স্পৰ্শকাতৰ ঠাইত স্পৰ্শ কৰি অভিভাৱকৰ দ্বাৰা উত্তেজিত হৈ নুঠে, এইবিষয়েও চকু ৰখা উচিত।
আজিৰ শিশু কাইলৈৰ ভৱিষ্যত। নিস্পাপ শিশুটিক বিষাক্ত পৰিৱেশ এটা উপহাৰ দি শিশুটিৰ আৰু সমাজৰ ভৱিষ্যত ধ্বংস কৰাৰ আমাৰ অধিকাৰ নাই। সজাগ হোৱা উচিত।