মাজআকাশত বিমানযাত্ৰী আৰু পৰিচাৰিকাৰ মাজত হোৱা তীব্ৰ কাজিয়াৰ বাবেই এখন বিমানে জৰুৰী অৱতৰন কৰিবলগীয়া হয় ৷ দিল্লী বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে এই ঘটনা সংঘটিত হয় ৷ পৰিস্থিতি এনে পাইগৈ যে পাইলটে বিমানখন দিল্লী বিমানবন্দৰলৈ ঘূৰাই আনিবলৈ বাধ্য হ’ল!
সোমবাৰে পুৱা দিল্লীৰ পৰা বিমানখন উৰা মৰাৰ পাছত এজন যাত্ৰী আৰু দুগৰাকী বিমান পৰিচাৰিকাৰ মাজত আকাশৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ তাৰ বাবেই বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ উভতি যাব লগা হ’ল। বিমান সংস্থাৰ সূত্ৰ অনুসৰি এই ঘটনাত বিমান পৰিচাৰিকাৰ কাজিয়াত লিপ্ত হোৱা যাত্ৰীজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। দিল্লী বিমানবন্দৰ থানাত জেৰা অব্যাহত আছে যাত্ৰীজনক। এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে এজন যাত্ৰীৰ “অত্যন্ত বেয়া আচৰণ”ৰ বাবে পাইলটজনে বিমানখন অৱতৰণ কৰিবলৈ বাধ্য হয়।
কোম্পানীটোয়ে কয় “কেৱল বেয়া আচৰণেই নহয়, যাত্ৰীজনে বিমান পৰিচাৰিকা দুগৰাকীৰ ওপৰত প্ৰহাৰ কৰে ৷ সেইবাবেই পাইলটে বিমানখন অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছিল। যাত্ৰীজনক নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। তেওঁৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা হৈছে।” এই ঘটনাৰ বাবে এয়াৰ ইণ্ডিয়াই বিমানখনৰ আন যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰে।
শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত প্ৰস্ৰাৱৰ ঘটনাক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। যোৱা বছৰৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছৰ যাত্ৰীয়ে মদ্যপান কৰি এজন বৃদ্ধ সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই ঘটনাৰ একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। দিল্লী আৰক্ষীয়েও বেংগালুৰুৰ পৰা যাত্ৰীজনক গ্ৰেপ্তাৰ কৰে। সেই ঘটনাৰ পিছৰে পৰা বিমান যাত্ৰীৰ আচৰণৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিমান সংস্থাটোৱে।