আকাশৰ মাজত পুনৰ যান্ত্ৰিক সমস্যাৰ সন্মুখীন হ’ল এখন ইণ্ডিগ’ বিমান ৷ যান্ত্ৰিক সমস্যাৰ বাবে ৰাঁচী অভিমুখী ইণ্ডিগ’ বিমানখন পুনৰ দিল্লীলৈ উভতি আহে ৷ শনিবাৰে উৰণৰ এঘণ্টা নৌহওঁতেই বিমানখন ওভতাই অনা হয় ৷ এই খবৰ সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে।
শনিবাৰে পুৱা ৭:৪০ বজাত দিল্লী বিমানবন্দৰৰ পৰা ৰাঁচী অভিমুখে উৰা মাৰিছিল বিমানখন। পুৱা প্ৰায় ৮:২০ বজাত পুনৰ দিল্লী বিমানবন্দৰলৈ উভতি আহে বিমানখন। বিমানখনৰ এজন যাত্ৰীয়ে এএনআইক জনোৱা মতে, বিমানখনৰ পাইলটে মিড এয়াৰত ঘোষণা কৰিছিল যে যান্ত্ৰিক সমস্যাৰ বাবে বিমানখন পুনৰ দিল্লীলৈ ঘূৰাই অনা হৈছে। একাংশ যাত্ৰীয়ে মাজ অকাশত কম্পন অনুভৱ কৰা বুলি দাবী কৰে। অৱশ্যে এই প্ৰতিবেদন লিখালৈকে ইণ্ডিগ’ই একো অৱগত কৰা নাই।
শুকুৰবাৰেও যান্ত্ৰিক সমস্যাৰ বাবে ইণ্ডিগ’ৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰে। শুকুৰবাৰে পুৱা পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সময়মতে উৰা মৰা ইণ্ডিগ’ৰ বিমানখনৰ গন্তব্যস্থান আছিল দিল্লী বিমানবন্দৰ। কিন্তু ৰাণৱেৰ পৰা উৰণৰ মাত্ৰ তিনি মিনিটৰ পিছতে বিমানখনে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। কোনো ধৰণৰ শংকাৰ সৃষ্টি হোৱাৰ পূর্বে পুৱা ৯:১১ বজাত পাটনা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে। ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত পেৰিছ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনে দিল্লী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিছিল।