VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পূজাৰ নামত কৰিব নোৱাৰিব উদ্ভণ্ডালি, দাবী-ধমকিৰে সংগ্ৰহ কৰিব নোৱাৰিব বৰঙণি , কি কি নির্দেশনা মহানগৰ প্ৰশাসনৰ

voicedesk by voicedesk
October 4, 2023
in মুখ্য সংবাদ
পূজাৰ নামত কৰিব নোৱাৰিব  উদ্ভণ্ডালি, দাবী-ধমকিৰে সংগ্ৰহ কৰিব নোৱাৰিব  বৰঙণি , কি কি নির্দেশনা মহানগৰ প্ৰশাসনৰ
0
SHARES
123
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৩ অক্টোবৰঃ কামৰূপ মহানগৰ জিলাত সমাগত শাৰদীয় দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত আলোচনাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এখন বৈঠক অনুষ্ঠিত হয়৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী, পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়া, দুৰ্গা পূজা উদযাপন সমিতিসমূহৰ বিষয়ববীয়া বৈঠকত উপস্থিত থাকে৷ বৈঠকত দুৰ্গা পূজা উদযাপন সমিতিসমূহে পূজাৰ দিনকেইটাত আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত পালন কৰিবলগীয়া কিছু নিৰ্দেশনা অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই অৱগত কৰে৷

ইয়াৰোপৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰ্দ্ধাৰণ কৰা নিৰ্দেশনাৰ বিষয়েও পূজা উদযাপন সমিতিসমূহক অৱগত কৰোৱা হয়৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিমা নিৰ্মাণত আৰু পূজাৰ সময়ত কেৱল পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ, কোনোধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ, প্ৰতিমা বিসৰ্জনৰ পিছত ৰৈ যোৱা অৱশেষ যথাসম্ভৱ সোনকালে নষ্ট কৰি পেলাবলৈ, প্ৰতিমা বিসৰ্জন স্থান ভালকৈ বেৰা দি লোৱাকে ধৰি কেবাটাও নিৰ্দেশ দিছে৷ পৰিষদৰ নিৰ্দেশসমূহ পালনত সৰ্বাধিক গুৰুত্ব দিবলৈ প্ৰশাসনে সমিতিসমূহক আহ্বান জনায়৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই সঠিকভাৱে জাবৰ ব্যৱস্থাপনা কৰা, প্ৰতিখন পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, পূজা মণ্ডপৰ বাবে অগ্নি নিৰ্বাপন আৰু এ পি ডি চি এলৰ সুৰক্ষা প্ৰমাণপত্ৰ সঠিকভাৱে সংগ্ৰহ কৰা, বিসৰ্জনৰ সময়ত গাড়ী আৰু মানুহৰ সংখ্যা যথাসম্ভৱ কম কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত বিক্ষিপ্ত ঘটনা বা ভুল বুজাবুজি নহয় তাৰ ওপৰত চকু ৰাখিবলৈ, পূজা উদযাপনৰ নামত ৰাইজে স্বইচ্ছাই দিয়া বৰঙণিৰ বাহিৰে আন উপায়েৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ, পূজা মণ্ডপৰ বাবে যাতে যানজঁট সৃষ্টি নহয়

তাৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ, অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী সহজে যাব পৰা পথ ৰাখিহে মণ্ডপ সাজিবলৈ, আলোকজ্জাৰ সামগ্ৰী আৰু সংযোগসমূহ উপযুক্ত কাৰিকৰী জ্ঞান থকা লোকৰ দ্বাৰা পৰীক্ষা কৰি ল’বলৈ, বিসৰ্জনৰ সময়ত ৰাগিয়াল সামগ্ৰী সেৱনৰ পৰা সকলোকে বিৰত ৰাখিবলৈ পূজা উদযাপন সমিতিসমূহৰ প্ৰতি আহ্বান জনায়৷ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰি নিশা ১০ বজাৰ পিছত উচ্চ প্ৰাৱল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিলে আৰক্ষী যথেষ্ট কঠোৰ হ’ব আৰু এই সন্দৰ্ভত অভিযোগ পালে আইনী ব্যৱস্থা লোৱাৰ লগতে শব্দযন্ত্ৰসমূহ জব্দ কৰাৰ দৰে পদক্ষেপো লোৱা হ’ব৷ আনন্দ ফুৰ্তিৰ মাজেৰে দূৰ্গোৎসৱ উদযাপনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰাৰ আশ্বাস দি আৰক্ষী আয়ুক্তগৰাকীয়ে শান্তিপূৰ্ণ আৰু সুশৃংখলিতভাৱে পূজা উদযাপনত ৰাইজৰ পৰাও সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰে৷ সভাত পূজা সমিতিৰ একাংশ বিষয়াববীয়াই তেওঁলোকৰ সমস্যা, পৰামৰ্শ আদি সদৰি কৰে আৰু প্ৰশাসনৰ তৰফৰ পৰা যথোপযুক্ত পদক্ষেপ লোৱাৰ নিশ্চয়তা দিয়া হয়৷

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

নগাঁৱৰ শালমৰা-বটদ্ৰৱাত গান্ধী জয়ন্তী উপলক্ষে বিশেষ গাঁও সভা-অমৃত কলহ যাত্ৰা সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ শালমৰা-বটদ্ৰৱাত গান্ধী জয়ন্তী উপলক্ষে বিশেষ গাঁও সভা-অমৃত কলহ যাত্ৰা সম্পন্ন

নগাঁৱৰ শালমৰা-বটদ্ৰৱাত গান্ধী জয়ন্তী উপলক্ষে বিশেষ গাঁও সভা-অমৃত কলহ যাত্ৰা সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7