বছৰৰ প্ৰথমতেই ৰাজ্য তথা দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে এটিকৈ ভাল খবৰে । বিগত বৰ্ষত সম্পূৰ্ণ সুৰক্ষিত হৈ ৰ’ল অসম গৌৰৱ এশিঙিয়া গঁড় । একালত গঁড়ৰ তেজৰে তুমৰলি হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ বননিত নিৰাপদে ৰ’ল অসম সম্পদ । এটা বছৰত চোৰাং চিকাৰীৰ গুলীয়ে লক্ষ্যভেদ কৰিব নোৱাৰিলে এশিঙিয়া গঁড়ৰ । ক’ৰ’ণা কালীন সময়ৰ পূৰ্বে ২০১১ চনৰ পৰা ২০১৮ চনলৈকে মুঠ ৬৪ টা গড় হত্যা কৰা হৈছিল নগাঁও জিলাৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ আৰু বাগৰি ৰেঞ্জত ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষত এটাও গঁড় হত্যা নোহোৱাত ফ্রন্ট লাইন ষ্টাফৰ লগতে কাজিৰঙাৰ ৰাইজৰ সহযোগিতাৰ বাবেই গঁড় সুৰক্ষা সম্ভৱ হৈ উঠিছে বুলি মত ব্যক্ত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন শৰ্মাই । একেৰাহে দুটা বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত তথা নগাঁও জিলাৰ অধীনৰ বাগৰি আৰু বুঢ়া পাহাৰ ৰেঞ্জত এটাও গঁড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে । শেহতীয়া তথ্যমতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,মানাহ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যত ২০০০ চনত ৪টা,২০০১ত ৮টা, ২০০২ত ৪টা,২০০৩ত ৩টা, ২০০৪ত ৪টা,২০০৫ত ৭ টা, ২০০৬ত ৫টা,২০০৭ত ১৬টা, ২০০৮ত ৬টা,২০০৯ত ৬টা,২০১০ত ৫টা,২০১১ত ৩টা,২০১২ত ১১টা,২০১৩ত ২৭টা,২০১৪ত ২৭টা,২০১৫ত ১৭টা,২০১৬ত ১৮টা,২০১৭ত ৬টা,২০১৮ত ৭টা,২০১৯ত ৩টা,২০২০ত ২টা,২০২১ত ২টা গঁড় হত্যা হোৱাৰ বিপৰীতে ২০২২ত গঁড় হত্যা শূন্য হৈ পৰে ৰাজ্যৰ বনাঞ্চলত।
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ শেষৰটো ঘটনা হৈছিল ২০২১চনৰ ২৮ডিচেম্বৰত গোলাঘাট জিলাৰ জিলাৰ কঁহৰাৰ হিলকুণ্ডত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বছৰবোৰত নগাঁও আৰু কলিয়াবৰ আৰক্ষীয়ে বৰ্তমান দেখুওৱা তৎপৰতাৰ বাবেই বৰ্তমান সময়ত চোৰাং চিকাৰীৰ বিৰূদ্ধে লাভ কৰিছে বৃহৎ সফলতা । তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষ বিপুল দাসৰ নেতৃত্বত নগাও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বহু অত্যাধুনিক অস্ত্র শস্ত্র । জখলাবন্ধা থানাৰ প্রাক্তন বিষয়া দেৱেন বৰাইয়ো অভিযান চলাই বহু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাজনো চোৰাং চিকাৰীক সন্মুখ সমৰত গুলীয়াই হত্যা কৰিছিল । উল্লেখ্য যে ২০২২ চনত অসমত এটাও গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱৰাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশংসা কৰিছিল ।