তীৰ্থ ক্ষেত্ৰ পুৰীৰ জগন্নাথ মন্দিৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। বুধবাৰে নিশা মন্দিৰ চৌহদৰ গাতে লাগি থকা এখন শ্বপিং মল এলেকাত হঠাৎ সংঘটিত হয় এক অগ্নিকাণ্ড ৷ ১২ ঘণ্টাৰ চেষ্টাৰ পাছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই অগ্নিকাণ্ড ৷ সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইতিমধ্যে ৪০ খনতকৈও অধিক দোকান জ্বলি ছাই হৈ পৰিছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে বজাৰখনৰ কাষতে কেইবাখনো হোটেল আছে। ক’লা ধোঁৱাই অঞ্চলটো আৱৰি ধৰিছে ।
স্থানীয় সংবাদ সংস্থা ওড়িশা টিভিয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশা প্ৰায় ৮ বজাত গ্ৰেণ্ড ৰোডৰ মাৰিচিকোট চকত থকা লক্ষ্মী মাৰ্কেট কমপ্লেক্সৰ এখন কাপোৰৰ দোকানত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পৰাই বজাৰ চৌহদৰ আশে-পাশে থকা দোকানবোৰলৈ জুই বিয়পি পৰিল। বৃহস্পতিবাৰে পুৱালৈকে অগ্নিকাণ্ডৰ ফলত কমেও ৪০খন দোকান সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।