VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ইনছাফ কা ব্ৰেণ্ড হ্যে’! চিবিআইক প্ৰশংসা কৰি মোদীয়ে ক’লে- পঞ্চায়তত দুর্নীতি হ’লেও ৰাইজে মনত পেলায় চিবিআইক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 3, 2023
in মুখ্য সংবাদ
‘ইনছাফ কা ব্ৰেণ্ড হ্যে’! চিবিআইক প্ৰশংসা কৰি মোদীয়ে ক’লে- পঞ্চায়তত দুর্নীতি হ’লেও ৰাইজে মনত পেলায় চিবিআইক
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

‘ন্যায় আৰু সুবিচাৰৰ ‘ব্ৰেণ্ড’ হৈ পৰিছে চিবিআই। যেতিয়াই দুৰ্নীতি হয়, সাধাৰণ মানুহে চিবিআইক মনত পেলায়। পঞ্চায়ত পৰ্যায়তো যদি দুৰ্নীতি হয় তেন্তে চিবিআইৰ তদন্তৰ দাবী কৰে ৰাইজে।‘-এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ সোমবাৰে চিবিআইৰ হীৰক জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰে। লগতে তেওঁ কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চিবিআইৰ  যুঁজখনৰ সৈতে চৰকাৰ আছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘দুৰ্নীতি যেতিয়াই পোহৰলৈ আহে, পঞ্চায়ত পৰ্যায়ত হ’লেও সাধাৰণ মানুহে চিবিআইক মনত পেলায়। চিবিআইৰ তদন্তৰ দাবী তোলে ৰাইজে। ইয়াৰ পৰা দেখা যায় যে বছৰ বছৰ ধৰি চিবিআই নিজৰ কামৰ জৰিয়তে ন্যায় আৰু সুবিচাৰৰ ব্ৰেণ্ডত পৰিণত হৈছে।”

 

তেওঁ আৰু কয়, ‘বৰ্তমান যিসকলৰ তদন্ত চলি আছে তেওঁলোকৰ হাতত বহু ক্ষমতা আছে। বহু বছৰ ধৰি চৰকাৰী ব্যৱস্থাৰ লগত জড়িত হৈ আছে। কিন্তু কোনো কাৰণতে তেওঁলোকক মুকলি কৰি দিয়া উচিত নহয়। কোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তিক ৰেহাই দিয়া উচিত নহয়। দেশবাসীৰ এই কামনা। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত চিবিআইৰ লগত চৰকাৰ আছে বুলি মোৰ ভৰসা দিছো ।”

 

তদুপৰি মোদীয়ে নিজৰ ভাষণত নিযুক্তিৰ দুৰ্নীতিৰ বিষয়টোও উত্থাপন কৰে ৷ তেওঁ কয়, “পূৰ্বতে চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত বহু দুৰ্নীতি হৈছিল। টকাৰ বিনিময়ত চাকৰি দিয়া হৈছিল। বহু সময়ত সাক্ষাৎকাৰৰ সময়ত টকা বিচাৰি দুৰ্নীতি হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ নিযুক্তিত স্বচ্ছতা ৰাখিবলৈ আমি সাক্ষাৎকাৰ বন্ধ কৰি দিছো।”

 

আজিৰ দিনটোত চৰকাৰী আঁচনিসমূহত ধনৰ দুৰ্নীতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে চৰকাৰী আঁচনিৰ হিতাধিকাৰীক বিভিন্ন ধৰণে প্ৰতাৰণা কৰি দুৰ্নীতি সংঘটিত হৈছিল বুলিও তেওঁ কয়। কিন্তু কেন্দ্ৰত ক্ষমতা সলনি হোৱাৰ পিছত সেই সুযোগ কমি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভুৱা হিতাধিকাৰীৰ নাম বিচাৰি পোৱাৰ পিছত চৰকাৰী আঁচনিৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত বহু পদক্ষেপ গ্ৰহণ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰৰ ইচ্ছাশক্তিৰ অভাৱ নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ মিত্ৰজোঁট হিচাপে কাম কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

 

মোদীয়ে কয় যে দুৰ্নীতিৰ সৈতে জড়িত বহু গোচৰ দীৰ্ঘদিন ধৰি চলি আছে। অভিযোগৰ ১০ বছৰৰ পাছতো সঠিক তদন্ত আৰম্ভ নোহোৱাৰ ঘটনাও দেখা গৈছে। এতিয়াও তদন্ত চলি থকা গোচৰসমূহৰ ভিতৰত বহু পুৰণি গোচৰ আছে। আৰু এই সকলোবোৰ গোচৰত যদি তদন্ত পলম হয় তেন্তে দোষীৰ শাস্তি পলম হয়। গতিকে দোষীক শাস্তি প্ৰদানৰ বাবে তদন্ত প্ৰক্ৰিয়া কেনেকৈ ক্ষিপ্ৰ কৰিব পাৰি সেই বিষয়ে অধিক চিন্তা কৰিবলৈ তেওঁ আহ্বান জনায় ৷

 

শেহতীয়াকৈ বিৰোধী দলসমূহে ইডি-চিবিআইৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে। বিৰোধীয়ে দাবী কৰিছে যে কেন্দ্ৰই এই সংগঠনসমূহক অনৈতিকভাৱে ভোট দমন কৰিবলৈ ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্ত প্ৰক্ৰিয়াক লৈও বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে চিবিআইৰ হীৰক জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি মোদীয়ে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সৈতে আছে।

Previous Post

কিয় বন্ধ হৈ পৰিল ‘ষ্টেট বেংক অৱ ইণ্ডিয়া’ৰ নেট বেংকিঙকে ধৰি বহু সেৱা ?

Next Post

আই পি এলত চিয়াৰলিডাৰ কেনেকৈ লোৱা হয় জানেনে ? কোনে যোগান ধৰে নৃত্যশিল্পীসকলক !!

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
আই পি এলত চিয়াৰলিডাৰ কেনেকৈ লোৱা হয় জানেনে ? কোনে যোগান ধৰে নৃত্যশিল্পীসকলক !!

আই পি এলত চিয়াৰলিডাৰ কেনেকৈ লোৱা হয় জানেনে ? কোনে যোগান ধৰে নৃত্যশিল্পীসকলক !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7