VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বটদ্ৰৱাত প্রায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা সত্ৰীয়া চ’ৰা, সভাঘৰ,দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন

voicedesk by voicedesk
September 25, 2023
in মুখ্য সংবাদ
বটদ্ৰৱাত প্রায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা সত্ৰীয়া চ’ৰা, সভাঘৰ,দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৪ছেপ্টেম্বৰ:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ দিনটোত অৰ্থাৎ ৰবিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্রীশ্রীবটদ্ৰৱা থান দৰ্শন কৰি আশিস গ্ৰহণৰ লগতে বটদ্ৰৱা থান চৌহদৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপৰ অধীনত প্রায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা সত্ৰীয়া চ’ৰা,সভাঘৰ,দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে । উল্লেখ্য যে শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা ২০২২ চনৰ ১৬ এপ্ৰিলত স্থাপন কৰা হৈছিল আৰু ১৭ মাহৰ ভিতৰতে এই নির্মাণকার্য সম্পূৰ্ণ কৰি তোলা হৈছে ।

মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰো আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে । এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা আছিল বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে অসম চৰকাৰে বিগত কেইটামান বছৰত বটদ্রৱা থানৰ বিকাশৰ বাবে বহু কেইটা প্রচেষ্টা হাতত লৈছে । ইয়াৰ অংশ হিচাপে আজি সত্ৰীয়া চ’ৰা,সভাঘৰ, দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱন উদ্বোধন কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত থানখনৰ চৌহদত যাত্ৰীৰ সুবিধাৰ্থে ৰন্ধনশালা,থান চৌহদত থকা দুয়োটা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন, যান-বাহন ৰখাৰ ব্যৱস্থা,যাত্ৰীৰ সুবিধার্থে স্নানাগাৰ,প্ৰস্ৰাৱগাৰ আদি নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলিও সদৰি কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে শ্ৰীশ্ৰীবটদ্ৰৱা থানক এক ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰি থানখনৰ পৰা ৮ কিল’মিটাৰৰ ভিতৰত খিলঞ্জীয়া লোকৰ বাহিৰে আন লোকক ভূমি ক্রয়-বিক্ৰয়ত নিষেধাজ্ঞা আৰোপৰ অর্থে এখন আইন প্রণয়নৰ প্ৰচেষ্টা লৈছে ।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপে থানখনৰ বাবে এক সুৰক্ষা কৱচ হিচাপে কাম কৰিব বুলি মন্তব্য কৰে । এই আইনখন প্রণয়ন নোহোৱা পৰ্যন্ত বটদ্ৰৱা থানৰ পৰা ৮ কিল’মিটাৰলৈকে সমগ্ৰ অঞ্চলটোত থলুৱা লোকৰ বাহিৰে আন লোকক ভূমি ক্রয়-বিক্রয়ত অনুমতি নিদিবলৈ ইতিমধ্যে জিলা আয়ুক্তক কোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে কয় যে প্রস্তাৱিত এই আইনখন সন্দৰ্ভত ৰাজ্য চৰকাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতেও আলোচনাত মিলিত হ’ব। বটদ্ৰৱা থানৰ চৌহদত থকা সংগ্ৰহালয়টো সুন্দৰকৈ নিৰ্মাণৰ বাবে ভৱিষ্যতে পদক্ষেপ লোৱা হ’ব বুলিও কয় ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থান চৌহদৰ বাহিৰত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি থকা আনটো বৃহৎ অভিলাষী প্রকল্পৰ প্ৰথম পৰ্যায়ৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলিও সদৰি কৰে। তেওঁ ২০২১ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰশাসনিক অনুমোদন জনোৱা আৰু প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম বৰ্তমানলৈকে ৮১ শতাংশ সম্পূৰ্ণ হৈছে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত এই প্ৰকল্পটো উদ্বোধন কৰা হ’ব। ৰাজ্য চৰকাৰৰ এই অভিলাষী প্রকল্পটোৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ১১৪ কোটি টকা ব্যয় হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে দ্বিতীয় পৰ্যায়ত প্ৰকল্পটোত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনবৃত্তান্ত সম্পৰ্কীয় প্ৰদৰ্শনীৰ লগতে শ্ৰীকৃষ্ণৰ ওখ প্রতিমূর্তি স্থাপন, নাটক,ভাওনা আদি পৰিৱেশন কৰিব পৰাকৈ নাটঘৰ স্থাপন, পৰিবেশ্য কলাৰ বাবে কলাকেন্দ্ৰ, যাত্রী নিবাস আদি নিৰ্মাণ কৰা হ’ব ।

 

প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বটদ্ৰৱা থানৰ বিকাশৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত আন ২১ খন স্থান সুন্দৰকৈ গঢ়ি তোলাৰ উদ্দেশ্যে শ্রীমন্ত শংকৰদেৱ আধ্যাত্মিক যাত্রা শীর্ষক এটা প্রকল্প গ্ৰহণ কৰিছে। ইয়াৰ অধীনত জীৱন কালৰ বিভিন্ন সময়ত মহাপুৰুষগৰাকীয়ে কটোৱা এই ২১ খন স্থান সুন্দৰকৈ গঢ়ি তোলাৰ উদ্দেশ্যে শ্রীমন্ত শংকৰদেৱ আধ্যাত্মিক যাত্রা শীর্ষক এটা প্রকল্প গ্ৰহণ কৰিছে । ইয়াৰ অধীনত জীৱনকালৰ বিভিন্ন সময়ত মহাপুৰুষগৰাকীয়ে কটোৱা এই ২১ খন স্থান আন্তঃগাঁথনি আদি নির্মাণেৰে উন্নীত কৰা হ’ব আৰু ভক্ত-দর্শনাৰ্থীসকলৰ সুবিধার্থে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱাৰ দ্বাৰা বটদ্ৰৱা থানৰ পৰা মধুপুৰ সত্ৰলৈকে আটাইকেইখন পৱিত্ৰ ভূমি সংযোজিত হ’ব। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ শান্তি আৰু সমৃদ্ধিৰ বাবে গুৰুজনাৰ আশীৰ্বাদ কামনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীশ্ৰীবটদ্ৰৱা থান চৌহদত এজুপি কাঞ্চন গছো ৰোপণ কৰে । এই অনুষ্ঠানত শ্ৰীশ্ৰীশ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু শ্ৰীশ্ৰীনৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ উপৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

Previous Post

নাম পৰিৱেশন কৰাৰ পাছত আদায় নিদিলে মাননি, কাৰ বিৰুদ্ধে মাজনিশা গোচৰ তৰিলে কৰিশ্মা নাথে !

Next Post

অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ দ্বিতীয় দিনা দৃষ্টিহীন ক্ৰিকেটকে ধৰি দিব্যাংগসকলৰ মাজত বিভিন্ন খেল অনুষ্ঠিত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ দ্বিতীয় দিনা দৃষ্টিহীন ক্ৰিকেটকে ধৰি দিব্যাংগসকলৰ মাজত বিভিন্ন খেল অনুষ্ঠিত

অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ দ্বিতীয় দিনা দৃষ্টিহীন ক্ৰিকেটকে ধৰি দিব্যাংগসকলৰ মাজত বিভিন্ন খেল অনুষ্ঠিত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7