ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন আৰু হৰপা বান্ধৰ ফলত বিধ্বস্ত হৈ পৰিছে হিমাচল প্ৰদেশ। এই দুৰ্যোগত ৬ জন লোকৰ মৃত্যু হয়। আহত হয় আন ১০ জন লোক । এই কথা উল্লেখ কৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰধান সম্পাদক অংকৰ চন্দ শৰ্মাই। বৰষুণৰ ফলত মৃত্যু হয় ৩০৩টা জীৱ-জন্তুৰ। এতিয়ালৈকে বানৰ ফলত ৩ কোটি টকাৰ সা-সম্পত্তি লোকচান হৈছে। ১২৪ টা পথৰ ক্ষতিসাধন হৈছে।
হিমাচলৰ বিভিন্ন অঞ্চলত সংঘটিত হয় ভূমিস্খলন। ইয়াৰ বাবেই দেওবাৰে সন্ধিয়াৰ পৰা মণ্ডী আৰু কুল্লু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । চৰম দুখ-কষ্টৰ সন্মুখীন হৈছে পৰ্যটকসকল। কমেও ১৫ কিলোমিটাৰ পথত সৃষ্টি হৈছে যান-জঁট। আৱদ্ধ হৈ আছে প্ৰায় ২০০ জন লোক। ইয়াৰে অধিকাংশই পৰ্যটক। ওচৰৰ কোনো হোটেলত কোঠাৰ ব্যৱস্থা নাই। ফলত তেওঁলোকে অনাহাৰে পথৰ ওপৰতে সময় কটাবলগীয়া হৈছে ৷
বৰষুণৰ ফলত খহি পৰিছে বিভিন্ন পথ। ইয়াৰ বাবে দেওবাৰে সন্ধিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ৰখা হৈছে। সংবাদ সংস্থা পিটিআইৰ মতে, সেই পথত যাতায়ত আৰম্ভ কৰিবলৈ প্ৰায় সাত-আঠ ঘণ্টা সময় লাগিব পাৰে। সোমবাৰেও পৰিস্থিতি স্বাভাৱিক নাছিল।